Q ➤ অসমত চলচ্চিত্ৰৰ ভেটি প্রতিস্থা কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম কি?Ans ➤ জয়মতী
Q ➤ ‘জয়মতী’ চলচ্চিত্রই কিমান চনত মুক্তি লাভ কৰিছিল?Ans ➤ ১৯৩৫ চনত
Q ➤ অসমত প্রতিষ্ঠিত প্রথমটো ষ্টুডিঅ'ৰ নাম কি?Ans ➤ চিত্রবন , স্থাপিত: ১৯৬১
Q ➤ 'ইন্দ্ৰমালতী’ ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল? Ans ➤ ১৯৩৯ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা প্ৰযোজিত আৰু পৰিচালিত দ্বিতীয় অসমীয়া চলচ্চিত্ৰ
Q ➤ দূৰদৰ্শনত সম্প্ৰচাৰিত প্ৰথম অসমীয়া ছবি কি?Ans ➤ বৃষ্টি ১৯৭৪ চনত মুক্তি পোৱা , দেউতি বৰুৱাৰ দ্বাৰা পৰিচালিত
Q ➤ ‘এৰা বাটৰ সুৰ’ ছবিখনৰ পৰিচালক কোন আছিল? Ans ➤ ড° ভূপেন হাজৰিকা ৩০ নবেম্বৰ, ১৯৫৬ চনত মুক্তি লাভ কৰিছিল
Q ➤ প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি? Ans ➤ ভাইটি - ১৯৭২ চনত মুক্তি লাভ কৰা চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছিল কমল নাৰায়ণ চৌধুৰীয়ে আৰু চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল অজিত সিংহই
Q ➤ বিদেশত প্রদর্শিত প্ৰথমখন অসমীয়া ছবিৰ নাম কি?Ans ➤ পূবেৰুণ - ১৯৫৯ চনত মুক্তি লাভ কৰা আৰু বাংলা ছবিৰ পৰিচালক প্ৰভাত মুখাৰ্জীৰ দ্বাৰা পৰিচালিত এখন অসমীয়া কথাছবি। ১৯৫৯ত ছবিখনে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰে। পূবেৰুণ ১৯৬০ চনৰ জুলাই মাহত অনুষ্ঠিত বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হৈছিল ।
Q ➤ ৰাষ্ট্ৰীয় পৰ্যায়ত শ্রেষ্ঠ চিত্রনাট্যৰ সন্মান পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি?Ans ➤ অগ্নিস্নান - ভবেন্দ্ৰনাথ শইকীয়াই দ্বাৰা পৰিচালিত , ১৯৮৫ চনৰ শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে আৰু চলচ্চিত্ৰখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰে ।
Q ➤ স্বর্ণকমল বঁটা লাভ কৰা প্ৰথমখন অসমীয়া ছবিৰ নাম কি?Ans ➤ হালধীয়া চৰায়ে বাও ধান খায়
Post a Comment
0 Comments