অসম: ভাৰতৰ উত্তৰ-পূবত অৱস্থিত সাংস্কৃতিক আৰু ভৌগোলিকভাৱে এখন পৃথক ৰাজ্য। ইংৰাজে অসম দখল কৰাৰ আগতে অসম এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ আছিল।
১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ হাতলৈ যায়। ভাৰতৰ স্বাধীনতা আন্দোলনত আন প্ৰদেশৰ নিচিনাকৈ অসমৰ জনসাধাৰণেও গুৰুত্বপূৰ্ণভাৱে অংশগ্ৰহণ কৰে আৰু ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত অসম স্বাধীন ভাৰতৰ এখন অন্তৰংগ প্ৰদেশ হিচাপে গঠিত হয়।
![]() |
অসম কুইজ - Assam Quiz - General Knowledge (GK) |
ব্ৰিটিছ-শাসিত ভাৰত আৰু আধুনিক কালতো অসম এখন মুখ্য প্ৰদেশ আছিল, কিন্তু পিছলৈ এই অঞ্চল বিভিন্ন ৰাজ্যত বিভক্ত হয়। অসমৰ ৰাজধানী হৈছে দিছপুৰ।
অসম ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ লগতে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পৰ্বতক সামৰি ৩০,২৮৫ বৰ্গমাইল (৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ) জুৰি আছে। অসমক সাত ভনীৰ বাকী ছয়খন ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, আৰু মেঘালয়ে আৱৰি আছে। আনহাতে অন্য এখন ৰাজ্য পশ্চিমবংগ অসমৰ লগত সংযোগ হৈ আছে। অসম ভূটান আৰু বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰে যুক্ত হৈ দক্ষিণ-পূৱ-এছিয়াৰ বিভিন্ন সাংস্কৃতিক সমল আহৰণ কৰিছে।
কাজিৰঙাৰ এশিঙীয়া গঁড়, চাহ, মুগা আদিৰ বাবে অসম পৃথিৱী বিখ্যাত।
অসম কুইজ - Assam Quiz - General Knowledge (GK) in Assamese Language
- অসমীয়া সংস্কৃতিৰ কুইজ - Assamese Culture Quiz
- অসমৰ ভূগোল কুইজ - Geography of Assam Quiz
- Assam GK - কুইজৰ প্ৰশ্নোত্তৰ
- অসমৰ ইতিহাস কুইজ - History of Assam Quiz
- অসমীয়া সাহিত্যৰ কুইজ - Assamese Literature Quiz
- অসমৰ ৰাজধানী - দিছপুৰ
- অসমৰ চৰকাৰী ভাষা - অসমীয়া
- অসমৰ প্ৰধান পৰ্যটনস্থলী - কামাখ্যা মন্দিৰ, নৱগ্ৰহ মন্দিৰ, গান্ধী মণ্ডপ, কাঞ্জিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস উদ্যান, চান্দুবি হ্ৰদ ইত্যাদি।
- অসমৰ প্ৰথম মুখ্যমন্ত্ৰী - শ্ৰী গোপীনাথ বৰদলৈ
- অসমৰ প্ৰথম ৰাজ্যপাল - শ্ৰীযুত ৰবাৰ্ট নীল ৰিড
- অসমৰ ৰাজ্যিক জন্তু - এটা শিং যুক্ত গঁড়
- অসমৰ ৰাজ্যিক ফুল - Foxtailed Orchid
- অসমৰ ৰাজ্যিক বৃক্ষ - হোলাং
- অসমৰ ৰাজ্যিক চৰাই - White Winged Woodduck
- অসমৰ আয়তন - ৭৮৪৩৮ বৰ্গ কিলোমিটাৰ
- অসমৰ প্ৰধান লোকনৃত্য - বিহু, অংকীয়ানাট, বগুৰুম্বা, নটপূজা, ইত্যাদি
- অসমৰ প্ৰধান কৃষি উৎপাদন - চাহ, পাট, চাউল, কপাহ, ৰেচম
- ৰাজ্যসংগীত - “অ' মোৰ আপোনাৰ দেশ''
- প্ৰধান নদী - ব্ৰহ্মপুত্ৰ
- উচ্চ ন্যায়ালয় - গুৱাহাটী
প্ৰশ্ন : তলত উল্লেখ কৰাসকলৰ ভিতৰত অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল?
[ক] নবকান্ত বৰুৱা
[খ] পদ্মনাথ গোহিম বৰুৱা
[গ] হেম বৰুৱা
[ঘ] অমূল্য বৰুৱা
উত্তৰ : পদ্মনাথ গোহাঁই বৰুৱা
প্ৰশ্ন : প্ৰাচীন কালত অসমক আন কি নামেৰেও জনা গৈছিল?
[ক] কলিবৰ
[খ] প্ৰাগজ্যোতিষপুৰ
[গ] গুৱাহাটী
[ঘ] চৰাইদেউ
উত্তৰ : প্ৰাগজ্যোতিষপুৰ
প্ৰশ্ন : নৰনাৰায়ণ সেতুৱে পঞ্চৰত্ন নগৰক তলৰ কোনখন চহৰৰ সৈতে সংযোগ কৰিছে?
[ক] যোগীগোপা
[খ] তেজপুৰ
[গ] বঙাইগাঁও
(ঘ) কালিবৰ
উত্তৰ : যোগীগোপা
প্ৰশ্ন : তলত উল্লেখ কৰা সকলৰ ভিতৰত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?
[ক] গোপীনাথ বৰদলৈ
[খ] তৰুণ ৰাম ফুকন
[গ] বিষ্ণুৰাম মেধি
[ঘ] ওপৰৰ কোনোটোৱেই নহয়
উত্তৰ : গোপীনাথ বৰদলৈ
প্ৰশ্ন : তলৰ কোনটো পাহাৰৰ শিখৰত কামাখ্যা মন্দিৰ অৱস্থিত?
[ক] সন্ধ্যাচল পাহাৰ
[খ] চিত্ৰচল পাহাৰ
[গ] নীলাচল পাহাৰ
[ঘ] জোগিনী পাহাৰ
উত্তৰ : নীলাচল পাহাৰ
প্ৰশ্ন কোন বছৰত অসমৰ ৰাজধানী শিলচৰৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল?
[ক] ১৯৫১ চন
[খ] ১৯৫৩ চন
[গ] ১৯২২ চন
[ঘ] ১৯৭৩ চন
উত্তৰ : ১৯৭৩ চন
প্ৰশ্ন : অসম সাহিত্য সভা প্ৰথম কোন বছৰত প্ৰতিষ্ঠা হৈছিল?
[ক] ১৯০১ চন
[খ] ১৯৩২ চন
[গ] ১৯৬৭ চন
[ঘ] ১৯১৭ চন
উত্তৰ : ১৯১৭ চন
প্ৰশ্ন : অসম সাহিত্য সভাৰ প্ৰথমখন সন্মিলন ক’ত আয়োজন কৰা হৈছিল?
[ক] যোৰহাট
[খ] ধুবুৰী
[গ] বৰপেটা
(ঘ) শিৱসাগৰ
উত্তৰ : শিৱসাগৰ
প্ৰশ্ন : বৰ্তমান সময়ত অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে?
[ক] ৭
[খ] ৫
[গ] ৮
[ঘ] ৩
উত্তৰ : ৫
প্ৰশ্ন : ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুঠ দলংৰ সংখ্যা কিমান?
[ক] ৭
(খ) ৬
[গ] ২
[ঘ] ৮
উত্তৰ : ৬
অসম বন্যপ্ৰাণী, প্ৰত্নতাত্ত্বিক স্থান আৰু চাহ বাগিচাৰ বাবে জনাজাত উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। পশ্চিমে অসমৰ সৰ্ববৃহৎ চহৰ গুৱাহাটীত ৰেচমৰ বজাৰ আৰু পাহাৰৰ ওপৰত কামাখ্যা মন্দিৰ আছে। ব্ৰহ্মপুত্ৰ নদীৰ ময়ুৰ দ্বীপত অৱস্থিত উমানন্দ মন্দিৰ। ৰাজ্যৰ ৰাজধানী দিছপুৰ গুৱাহাটীৰ উপকণ্ঠ অঞ্চল।
প্ৰশ্ন : অসমৰ মুঠ জিলাৰ সংখ্যা?
উত্তৰ : ৩৩
প্ৰশ্ন : অসমৰ মুঠ সংসদীয় সমষ্টিৰ সংখ্যা?
উত্তৰ : ১৬
প্ৰশ্ন : অসম ৰাজ্যৰ চৰকাৰী ভাষা কি?
উত্তৰ : অসমীয়া
প্ৰশ্ন : ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত সাক্ষৰতাৰ ক্ষেত্ৰত অসম ৰাজ্যৰ ৰেংক হৈছে
উত্তৰ : ২৬
সাধাৰণ জ্ঞান অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য কুইজৰ প্ৰশ্ন উত্তৰ
প্ৰশ্ন : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ক’ত অৱস্থিত?
উত্তৰ : অসম
প্ৰশ্ন : ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক’ত অৱস্থিত?
উত্তৰ : ডিব্ৰুগড় আৰু তিনিচুকীয়া
প্ৰশ্ন : ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ এলেকা প্ৰায়
উত্তৰঃ ৩৫০ বৰ্গ কিলোমিটাৰ
প্ৰশ্ন : মানাছ ৰাষ্ট্ৰীয় উদ্যানৰ এলেকা প্ৰায়
উত্তৰঃ ৯৫০ বৰ্গ কিলোমিটাৰ
প্ৰশ্ন : নামেৰি ৰাষ্ট্ৰীয় উদ্যান ক’ত অৱস্থিত?
উত্তৰ : শোণিতপুৰ
প্ৰশ্ন : ওৰাং ৰাষ্ট্ৰীয় উদ্যান ক’ত অৱস্থিত?
উত্তৰ : অসম
প্ৰশ্ন : গিবন বন্যপ্ৰাণী অভয়াৰণ্য ক’ত অৱস্থিত?
উত্তৰ : যোৰহাটী
প্ৰশ্ন : ছাইখোৱা বন্যপ্ৰাণী অভয়াৰণ্য ক’ত অৱস্থিত?
উত্তৰ : তিনিচুকীয়া
প্ৰশ্ন : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
এলেকা প্ৰায়
উত্তৰঃ ৪৩০ বৰ্গ কিলোমিটাৰ
প্ৰশ্ন : ছাইখোৱা ৰাষ্ট্ৰীয় উদ্যান
এলেকা প্ৰায়
উত্তৰঃ ৬৫০ বৰ্গ কিলোমিটাৰ
অসমীয়া সংস্কৃতিৰ কুইজ - Assamese Culture Quiz
১। অসমৰ কোনটো সম্প্ৰদায়ৰ লোকে বাথৌ পূজা উদযাপন কৰে ?
(ক) কাৰ্বি
(খ) ৰাভা
(গ) বড়ো
(ঘ) দাস
উত্তৰ- (গ) বড়ো
২। ৰংকাৰ কোন সম্প্ৰদায়ৰ মুখ্য উৎসৱ ?
(ক) আহোম সকলৰ
(খ) মিচিং সকলৰ
(গ) বড়ো সকলৰ
(ঘ) কাৰ্বি সকলৰ
উত্তৰ- (ঘ) কাৰ্বি সকলৰ
৩। "জোনবিল মেলা" কোন জনজাতিৰ এক মুখ্য উৎসৱ?
(ক) বড়ো
(খ) তিৱা
(গ) কাৰ্বি
(ঘ) ৰাভা
উত্তৰ- (খ) তিৱা
৪। প্ৰথম অসমীয়া ভাষাৰ আলোচনী কোনখন?
(ক) আমাৰ অসম
(খ) অৰুনোদই
(গ) বাহীঁ
(ঘ) ওপৰৰ কোনোটো নহয়
উত্তৰ- (খ) অৰুনোদই
৫। বাগুৰুম্বা নৃত্য কোন সম্প্ৰদায়ৰ লোকে পৰিৱেশন কৰে ?
(ক) ৰাভা
(খ) বড়ো
(গ) তিৱা
(ঘ) কাৰ্বি
উত্তৰ- (খ) বড়ো
৬। বৈশাখু উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে ?
(ক) ৰাভা
(খ) বড়ো
(গ) মিচিং
(ঘ) তিৱাচ
উত্তৰ- (ক) ৰাভা
৭। ফাৰকান্তি উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে ?
(ক) বড়ো
(খ) ৰাভা
(গ) তিৱা
(ঘ) কাৰ্বি
উত্তৰ- (খ) ৰাভা
৮। মে' ডাম মে ফি উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে ?
(ক) গাৰো
(খ) আহোম
(গ) দেউৰী
(ঘ) ৰাভা
উত্তৰ- (খ) আহোম
৯। আলি আই লিগাং কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে ?
(ক) গাৰোচ
(খ) ৰাভা
(গ) বড়ো
(ঘ) মিচিং
উত্তৰ- (ঘ) মিচিং
১০। ৱাংগালা হৈছে কোন সম্প্ৰদায়ৰ মুখ্য উৎসৱ ।
(ক) ৰাভা
(খ) মিচিং
(গ) কাৰ্বিচ
(ঘ) গাৰো
উত্তৰ- (ঘ) গাৰো
১১। চমাংকান উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে ?
(ক) তিৱা
(খ) ৰাভা
(গ) কাৰ্বি
(ঘ) ওপৰৰ কোনোটো নহয়
উত্তৰ-(গ) কাৰ্বি
১২। বড়ো লোকসকলৰ জনপ্ৰিয় ঋতু উৎসৱ কি?
(ক) বৈচাগু
(খ) বড়োট
(গ) বিহু
(ঘ) ওপৰৰ কোনোটো নহয়
উত্তৰ- (ক) বৈচাগু
১৩। দেওধানী নৃত্যৰ উৎপত্তি কত?
(ক) তামিলনাডু
(খ) মিজোৰাম
(গ) অসম
(ঘ) ৰাজস্থান
উত্তৰ-(গ) অসম
১৪। বৰত উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে ?
(ক) তিৱা
(খ) গাৰো
(গ) মিচিং
(ঘ) ৰাভা
উত্তৰ- (ক) তিৱা
১৫। দেওধানী উৎসৱ কোন সম্প্ৰদায়ৰ ?
(ক) বড়ো
(খ) ৰাভা
(গ) মিচিং
(ঘ) তিৱাচ
উত্তৰ- (ক) বড়ো
অসমৰ ভূগোল কুইজ - Geography of Assam Quiz
প্ৰঃ ‘অসম’ শব্দৰ অৰ্থ কি?
উঃ অসমান।
প্ৰঃ কেতিয়াৰ পৰা এই ৰাজ্যখনৰ নাম ‘অসম’ বুলি নামাকৰণ হোৱা আৰম্ভ হয়?
উঃ ত্ৰয়োদশ শতাব্দীৰ পৰা (আহোমসকলে অসমত ৰাজত্ব কৰিবলৈ লোৱাৰ পিছৰ পৰা)।
প্ৰঃ অসমৰ অতি প্ৰাচীন নাম কি আছিল?
উঃ প্ৰাগ্জ্যোতিষপুৰ।
প্ৰঃ মাটিকালিৰ দিশৰ পৰা ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান?
উঃ দ্বাদশ।
প্ৰঃ বৰ্তমান অসমৰ ৰাজধানী ক’ত?
উঃ গুৱাহাটীৰ দিছপুৰত।
প্ৰঃ অসমত মুঠ কেইখন উন্নয়ন খণ্ড আছে?
উঃ 219 খন।
প্ৰঃ অসমৰ মুঠ গাওঁ পঞ্চায়ত কেইখন?
উঃ 2202 খন।
প্ৰঃ অসমত মুঠ গাওঁ ৰ সংখ্যা কেইখন?
উঃ 26,395 খন।
প্ৰঃ অসম সাগৰীয় সীমাৰেখাৰ পৰা কিমান মিটাৰ ওপৰত অৱস্থিত?
উঃ প্ৰায় 79.5 মিটাৰ।
প্ৰঃ অসমক কি নদীৰ দেশ বুলি কোৱা হয়?
উঃ ৰঙা নদীৰ দেশ।
প্ৰঃ অসমক কি পাহাৰৰ দেশ বুলি কোৱা হয়?
উঃ নীলা পাহাৰৰ দেশ।
প্ৰঃ অসমৰ দীৰ্ঘতম নদী দলং কোনখন?
উঃ ব্রহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত ‘কলিয়া ভোমৰা' দলংখন।
প্ৰঃ অসমৰ আটাইতকৈ সেমেকা অঞ্চল কোনটো?
উঃ লিডু-লেখাপানী।
প্ৰঃ অসমৰ কোনখন ঠাইত সমুদ্ৰৰ বালিচৰ পৰি হোৱা ‘লেখাপুখুৰী’ অৱস্থিত?
উঃ চান্দডুবি।
প্ৰঃ অসমত মুঠ পুলিচ থানাকেইখন?
উঃ 126 খন।
প্ৰঃ 2011 চনৰ লোক পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান?
উঃ 3,11,69,272 জন।
প্ৰঃ 2011 চনৰ লোক পিয়ল অনুসৰি অসমত মুঠ পুৰুষৰ সংখ্যা কিমান?
উঃ 1,59,54,927 জন।
প্ৰঃ 2011 চনৰ লোক পিয়ল অনুসৰি অসমত মুঠ মহিলাৰ সংখ্যা কিমান?
উঃ 1,52,14,345 জন।
প্ৰঃ 2011 চনৰ লোক পিয়ল অনুসৰি অসমত জনসংখ্যাৰ ঘনত্ব কিমান?
উঃ 397 জন প্ৰতিবৰ্গ কিলো মিটাৰত।
প্ৰঃ ব্রহ্মপুত্ৰ উপত্যকা কোনখন পৰ্বতমালাৰ নামনিত অৱস্থিত?
উঃ হিমালয় পৰ্বতমালা।
প্ৰঃ অসমৰ সমভূমি অঞ্চলৰ জলবায়ু কেনেকুৱা?
উঃ সেমেকা।
প্ৰঃ অসমৰ একমাত্ৰ পাৰ্বত্য নিবাস কোনখন?
উঃ হাফলং।
প্ৰঃ অসমৰ ক্ষুদ্ৰতম জিলা কোনখন?
উঃ হাইলাকান্দি।
প্ৰঃ অসমৰ বৃহৎ জিলা কোনখন?
উঃ কার্বি আংলং।
প্ৰঃ উত্তৰ কাছাৰ জিলাৰ ‘জাতিংগা’ কোনখন পাহাৰত অৱস্থিত?
উঃ বৰাইল পাহাৰত।
প্ৰঃ মহাভাৰতত অসমৰ প্ৰাচীন নাম কি আছিল বুলি কোৱা হৈছে?
উঃ প্ৰাগজ্যোতিষপুৰ।
প্ৰঃ ‘প্ৰাগজ্যোতিষপুৰ’ নামৰ অৰ্থ কি?
উঃ পূৱ দিশৰ জ্যোতিষ শাস্ত্ৰ চৰ্চাৰ নগৰ।
প্ৰঃ 2011 চনৰ লোক পিয়ল অনুসৰি অসমত প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা কিমান?
উঃ 954 জন।
প্ৰঃ 2001- 2011 চনৰ লোক পিয়ল অনুসৰি অসমত জনসংখ্যা বৃদ্ধিৰ হাৰ কিমান?
উঃ 16.93%
প্ৰঃ অসমৰ মুঠ জিলা কেইখন?
উঃ 32 খন।
প্ৰঃ অসমৰ মুঠ মহকুমা কেইখন?
উঃ 65 খন।
প্ৰঃ অসমত মুঠ কেইখন ৰাজহচক্ৰ আছে?
উঃ 184 খন।
প্ৰঃ 2011 চনৰ লোক পিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ কিমান?
উঃ 73.18 %
প্ৰঃ 2011 চনৰ লোক পিয়ল অনুসৰি অসমত শিক্ষিত মহিলাৰ হাৰ কিমান?
উঃ 67.27%
প্ৰঃ 2011 চনৰ লোক পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ চহৰত বাস কৰে ?
উঃ 14 %
প্ৰঃ 2011 চনৰ লোক পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ গাওঁ অঞ্চলত বাস কৰে ?
উঃ 86 %
প্ৰঃ অসমৰ প্ৰধান নৈ কি কি?
উঃ ব্রহ্মপুত্ৰ আৰু বৰাক।
প্ৰঃ অসমৰ বৃহত্বম নদী-দ্বীপটো কি?
উঃ মাজুলী।
প্ৰঃ অসমৰ অধিক সংখ্যক জিলাতেই মহকুমাৰ অধিকতম সংখ্যা কিমান?
উঃ 3 টা।
প্ৰঃ অসমৰ কোনখন জিলাত পুৰুষ মহিলাৰ অনুপাতৰ হাৰ সবৰ্বাধিক?
উঃ গোৱালপাৰা।
প্ৰঃ অসমৰ কোনখন জিলাত গৰম পানীৰ উহ আছে?
উঃ গোলাঘাট জিলাত।
প্ৰঃ বিশ্বৰ সবৰ্ববৃহৎ নদী-দ্বীপ মাজুলী অসমৰ কোনখন জিলাত অৱস্থিত?
উঃ যোৰহাট জিলাত।
প্ৰঃ বদৰপুৰ উত্তৰ-পূৱ ৰেলৱেৰ এটি বৃহৎ জনচন। ই অসমৰ কোনখন জিলাত অৱস্থিত?
উঃ কৰিমগঞ্জ জিলাত।
প্ৰঃ অসমৰ পৰা কিমান জন সদস্য ৰাজ্যসভালৈ নিৰ্বাচন কৰি পঠোৱা হয়?
উঃ 7 জন।
প্ৰঃ 2011 চনৰ লোক পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অনুসূচিত জনজাতিৰ লোক ?
উঃ 12.41 %
প্ৰঃ 2011 চনৰ লোক পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অনুসূচিত জাতিৰ লোক ?
উঃ 6.85 %
প্ৰঃ অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলা কোনখন?
উঃ নগাওঁ।
প্ৰঃ অসমত শীতকালত গড় তাপমাত্ৰা কিমান?
উঃ 5 ডিগ্রি ছেঃ ৰ পৰা 12 ডিগ্রী ছেঃ।
প্ৰঃ অসমত গ্ৰীষ্মকালত গড় তাপমাত্ৰা কিমান?
উঃ 30 ছেঃ ৰ পৰা 33 ছেঃ।
প্ৰঃ অসমৰ সর্বোচ্চ শৃঙ্গ কোনটো?
উঃ নাম্চা বুৰৱা।
প্ৰঃ অসমত বছৰি কিমান ছেঃ মিঃ বৰষুণ হয়?
উঃ 178 ছেঃ মিঃ ৰ পৰা 305 ছেঃ মিঃ।
প্ৰঃ বিশ্বৰ ভিতৰত সবৰ্ববৃহৎ নদী-দ্বীপ মাজুলীৰ মাটিকালিৰ পৰিমাণ কিমান?
উঃ প্ৰায় 886 বৰ্গ কিলোমিটাৰ।
প্ৰঃ প্ৰাচীন অসমৰ কোনখিনি সময়ক ‘অন্ধকাৰ যুগ’ বুলি কোৱা হয়?
উঃ চতুৰ্থ শতিকা।
প্ৰঃ অসমৰ প্ৰাচীন নাম কি আছিল?
উঃ কামৰূপ।
প্ৰঃ ভৌগোলিক অৱস্থান অনুসৰি অসম কিমান ডিগ্ৰী অক্ষৰেখাৰ পৰা কিমান ডিগ্ৰী অক্ষৰেখালৈ বিস্তৃত?
উঃ 24 ডিগ্ৰি উত্তৰ অক্ষাংশৰ পৰা 28 ডিগ্ৰি উত্তৰ অক্ষাংশলৈ বিস্তৃত।
প্ৰঃ অসমৰ প্ৰাকৃতিক বিভাগ কেইটা আৰু কি কি?
উঃ অসমৰ প্ৰাকৃতিক বিভাগ চাৰিটা, যেনে--ব্রহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা, কার্বি আংলং উপত্যকা আৰু উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চল।
প্ৰঃ ভৌগোলিক অৱস্থান অনুসৰি অসম কিমান ডিগ্ৰী দ্ৰাঘিমাৰেখাৰ পৰা কিমান ডিগ্ৰী দ্ৰাঘিমাৰেখালৈ বিস্তৃত?
উঃ 90 ডিগ্ৰি পূৱ দ্ৰাঘিমাৰ পৰা 95 ডিগ্ৰী পূৱ দ্ৰাঘিমালৈ বিস্তৃত।
প্ৰঃ অসমৰ উত্তৰে কোনখন ভাৰতীয় প্ৰদেশ অৱস্থিত?
উঃ অৰুণাচল প্ৰদেশ।
প্ৰঃ অসমৰ দক্ষিণে থকা ভাৰতীয় প্ৰদেশ কেইখন কি কি?
উঃ মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়।
প্ৰঃ ব্রহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কিহে পৃথক কৰিছে?
উঃ বৰাইল পাহাৰে।
প্ৰঃ অসমত জহকালি হোৱা প্ৰৱল বতাহ-বৰষুণ তথা শিলাবৃষ্টিৰ স্থানীয় নাম কি?
উঃ বৰদৈচিলা।
প্ৰঃ অসমৰ প্ৰধান নদী ব্রহ্মপুত্ৰৰ মূল সুঁতিটো কি?
উঃ তমচুক খামবাব।
প্ৰঃ ব্রহ্মপুত্ৰ নদীৰ আন নাম কি?
উঃ লুইত।
প্ৰঃ অসমৰ পাহাৰীয়া অঞ্চলৰ উচ্চতা কিমান?
উঃ 1000 মিটাৰৰ পৰা 1200 মিটাৰ।
প্ৰঃ অসমতৰ 1869 চনৰ 10 জানুৱাৰীত হোৱা ভূমিকম্পত অসমৰ কোনটো উপত্যকা 15 ফুট তললৈ নামি গৈছিল?
উঃ বৰাক উপত্যকা।
প্ৰঃ ব্রহ্মপুত্ৰ নদীৰ মুঠ ৰ্দ্ঘৈ কিমান?
উঃ 2900 কিলোমিটাৰ।
প্ৰঃ ব্রহ্মপুত্ৰ নদীৰ বৃহত্বম উপনদী কোনখন?
উঃ সোৱণশিৰি।
প্ৰঃ অসমৰ কোনখন অঞ্চল আটাইতকৈ শুকান?
উঃ লংকা-হোজাই।
প্ৰঃ অসমৰ দ্বিতীয়খন প্ৰধান নদী বৰাকৰ ৰ্দ্ঘৈ কিমান কিলোমিটাৰ?
উঃ 900 কিলোমিটাৰ।
প্ৰঃ কোনখন তুষাৰ নদীৰ পৰা ব্রহ্মপুত্ৰ নদীখন ওলাইছে?
উঃ ছেমায়ুং ডং।
প্ৰঃ অসমৰ বৰাক নদী কোনখন পাহাৰৰ পৰা ওলাইছে?
উঃ বৰাইল পাহাৰৰ পৰা।
প্ৰঃ গুৱাহাটী মহানগৰ কোনখন নদীৰ পাৰত অৱস্থিত?
উঃ ব্রহ্মপুত্ৰ।
প্ৰঃ অসমত মুঠ নগৰৰ সংখ্যা কেইখন?
উঃ 214 খন।
প্ৰঃ অসমত মুঠ ষ্টেটুটোৰী নগৰ কেইখন?
উঃ 88 খন।
প্ৰঃ ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমে আগুৰি আছে?
উঃ 2.4 শতাংশ ।
প্ৰঃ অসমত মুঠ পিয়ল নগৰ কেইখন?
উঃ 126 খন।
প্ৰঃ অসমৰ হাবি-বননিয়ে কিমান বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে ?
উঃ 27,692 বৰ্গ কিলো মিটাৰ।
Assam GK কুইজৰ প্ৰশ্নোত্তৰ
প্ৰশ্ন : অসম ভাৰতৰ ....... অঞ্চলত অৱস্থিত?
উত্তৰ : উত্তৰ-পূব
প্ৰশ্ন : অসম ৰাজ্যৰ আন্তৰ্জাতিক সীমা ……… আৰু ………. দেশসমূহৰ সৈতে।
উত্তৰ : ভূটান, বাংলাদেশ
প্ৰশ্ন : অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ দুখন কোন?
উত্তৰ : কাজিৰঙা, মানস
প্ৰশ্ন : বড়ো জনজাতিৰ জনপ্ৰিয় ঋতুভিত্তিক উৎসৱ কোনটো?
উত্তৰ : বৈছাগু
প্ৰশ্ন : কোন বছৰত অসম গণ পৰিষদ গঠন হৈছিল?
উত্তৰ : ১৯৮৫
অসম সাধাৰণ জ্ঞান প্ৰতীক GK প্ৰশ্ন উত্তৰ
প্ৰশ্ন : অসম ৰাজ্যৰ ৰাজ্যিক জন্তু কোনটো?
উত্তৰ : এশিঙীয়া গঁড়
প্ৰশ্ন : অসমৰ ৰাজ্যিক বৃক্ষ কি?
উত্তৰ : হোলং
প্ৰশ্ন : অসম ৰাজ্যৰ ফুল কি ?
উত্তৰ : ফক্সটেইল অৰ্কিড
প্ৰশ্ন : অসমৰ ৰাজ্যিক চৰাই কি?
উত্তৰ : বগা পাখি থকা হাঁহ
অসমৰ ইতিহাস কুইজ - History of Assam Quiz
১) প্ৰশ্ন : ১২২৮ চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি ১২৬৮ চনত মৃত্যু বৰণ কৰা আহোম স্বৰ্গদেউ জন কোন আছিল?
উত্তৰ : চাওলুং চুকাফা।
২) প্ৰশ্ন : হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰুপৰ ৰজা কোন আছিল?
উত্তৰ : কুমাৰ ভাস্কৰ বৰ্মন।
৩) প্ৰশ্ন : অসমৰ স্বাধীনতা আন্দোলনৰ নেতা, গুৱাহাটীত পোন প্ৰথমে চাইকেল চলাওতা আৰু ‘দেশভক্ত’ নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল?
উত্তৰ : তৰুণ ৰাম ফুকন।
৪) প্ৰশ্ন : আহোম সাম্ৰাজ্যৰ শেষৰ জন স্বৰ্গদেউ কোন আছিল?
উত্তৰ : চন্দ্ৰকান্ত সিংহ।
৫) প্ৰশ্ন : কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰুপে স্বীকৃতি পাইছিল?
উত্তৰ : ১৯৬১ চনত।
৬) প্ৰশ্ন : কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল?
উত্তৰ : ১৮৮২ চনত।
৭) প্ৰশ্ন : কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল?
উত্তৰ : ১৯২১ চনত।
৮) প্ৰশ্ন : অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
উত্তৰ : বসন্ত দাস।
৯) প্ৰশ্ন : অসম এছ’ছিয়েচন কোন চনত গঠিত হৈছিল?
উত্তৰ : ১৯০৫ চনত।
১০) প্ৰশ্ন : অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল?
উত্তৰ : ১৮২৩ চনত।
১১) প্ৰশ্ন : অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ : চুকাফা।
১২) প্ৰশ্ন : মুছলমান সকলে কোন চনত প্ৰথম বাৰ অসম আক্ৰমণ কৰিছিল?
উত্তৰ : ১২০৬ চনত।
১৩) প্ৰশ্ন : ১৯৭৯ব চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্ৰথম জন শ্বহীদ কোন আছিল?
উত্তৰ : খৰ্গেশ্বৰ তালুকদাৰ।
১৪) প্ৰশ্ন : চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ : বীৰপাল।
১৫) প্ৰশ্ন : অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত?
উত্তৰ : গুৱাহাটী।
১৬) প্ৰশ্ন : অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ : গোপীনাথ বৰদলৈ।
১৭) প্ৰশ্ন : কেন্দ্ৰীয় মন্ত্ৰী সভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?
উত্তৰ : ৰেণুকা দেৱী বৰকটকী।
১৮) প্ৰশ্ন : আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল?
উত্তৰ : ১২৫৩ চনত।
১৯) প্ৰশ্ন : অসমৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী কোন আছিল?
উত্তৰ : ছৈয়দা আনোৱাৰা টাইমূৰ।
২০) প্ৰশ্ন : আহোম আৰু মোগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল?
উত্তৰ : ১৬৮১ চনত।
২১) প্ৰশ্ন : অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল?
উত্তৰ : ১৫৪৮ চনত।
২২) প্ৰশ্ন : অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল?
উত্তৰ : ১৯২০ চনত।
২৩) প্ৰশ্ন : গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল?
উত্তৰ : ১৯৪৮ চনত।
২৪) প্ৰশ্ন : কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল?
উত্তৰ : ১৬৭১ চনত।
২৫) প্ৰশ্ন : অসমৰ প্ৰখ্যাত মন্দিৰ ‘উমানন্দ’ কেতিয়া নিৰ্মাণ কৰা হৈছিল?
উত্তৰ : ১৬৯৪ চনত।
২৬) প্ৰশ্ন : পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ‘ডিগবৈ তেল শোধনাগাৰ’ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়?
উত্তৰ : ১৯০১ চনৰ পৰা।
২৭) প্ৰশ্ন : অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল?
উত্তৰ : ১৮৪৭ চনত।
২৮) প্ৰশ্ন : ‘টেলিফোন’ আৰু ‘টেলিগ্ৰাফ’ সেৱা অসমত প্ৰচলিত হৈছিল?
উত্তৰ : ১৮৬৬ চনৰ পৰা।
২৯) প্ৰশ্ন : অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়া পৰা বলৱৎ কৰা হৈছিল?
উত্তৰ : ১৯৭৯ চনৰ পৰা।
৩০) প্ৰশ্ন : অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুস্থিত হৈছিল?
উত্তৰ : ১৯১৭ চনত।
৩১) প্ৰশ্ন : অসমত কোন চনৰ পৰা মাটিৰ ‘ম্যাদী প্ৰথা’ৰ প্ৰচলন আৰম্ভ হৈছিল?
উত্তৰ : ১৮৮৬ চনৰ পৰা।
৩২) প্ৰশ্ন : জয়দ’ল, জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?
উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰসিংহ।
৩৩) প্ৰশ্ন : অসমত ৬০০ বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোম সকলৰ ৰাজধানী চহৰ খনৰ নাম কি?
উত্তৰ : শিৱসাগৰ।
৩৪) প্ৰশ্ন : আহোম সকলৰ শেষ কীৰ্তি স্তম্ভটো গুৱাহাতীৰ ক’ত অৱস্থিত?
উত্তৰ : বশিষ্ঠাশ্ৰমত।
৩৫) প্ৰশ্ন : ১৮৮৯ চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিস্কাৰ হৈছিল?
উত্তৰ : ডিগবৈ।
৩৬) প্ৰশ্ন : অসমৰ কোনজন স্বৰ্গদেউক ‘ল’ৰা ৰজা’ বুলিও জনা যায়?
উত্তৰ : ৰত্নধ্বজ সিংহ বা চুলিকফা।
৩৭) প্ৰশ্ন : স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা কোন আছিল?
উত্তৰ : গৌৰীশংকৰ ভট্টাচাৰ্য।
৩৮) প্ৰশ্ন : অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথম গৰাকী মহিলা কোন আছিল?
উত্তৰ : শ্ৰীমতী পদ্ম কুমাৰী গোহাঁই।
৩৯) প্ৰশ্ন : স্বাধীনতাৰ পাছত বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
উত্তৰ : হৰেশ্বৰ গোস্বামী।
৪০) প্ৰশ্ন : অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?
উত্তৰ : আকবৰ হাইদৰী।
৪১) প্ৰশ্ন : অসমৰ ‘কুমাৰ ৰজা’ বুলি পৰিচিত ব্যক্তি গৰাকী কোন?
উত্তৰ : ভাস্কৰ বৰ্মন।
৪২) প্ৰশ্ন : অসমৰ প্ৰথম ব্ৰিটিছ ছীফ কমিছনাৰ কোন আছিল?
উত্তৰ : কলোনেল কীটিং।
৪৩) প্ৰশ্ন : ‘অভ্যন্তৰীণ সীমা আইন’ কেতিয়া কাৰ্যকৰী কৰা হয়?
উত্তৰ : ১৮৭৩ চনত।
৪৪) প্ৰশ্ন : প্ৰাচীন কামৰুপৰ কোন গৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল?
উত্তৰ : ৰাজকুমাৰী অমৃত প্ৰভাক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিল।
৪৫) প্ৰশ্ন : ব্ৰহ্মপুত্ৰ নদীক তিনিটা নদীৰ ‘সংগমস্থলী’ বুলি কোৱা হয়?
উত্তৰ : দিহিং, দিবং আৰু লোহিত নদী।
৪৬) প্ৰশ্ন : আহোম আৰু মোগলৰ মআজৰ শেষ যুদ্ধ খন কোন চনত আৰু ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰ : ১৬৮১ চনৰ ইটাখুলি নামৰ ঠাইত।
৪৭) প্ৰশ্ন : গুৱাহাটী বিশ্ববিদ্যালয় খন কেতিয়া স্থাপিত হৈছিল?
উত্তৰ : ১৯৪৮ চনত।
৪৮) প্ৰশ্ন : ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো?
উত্তৰ : ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চাবুৱা চাহ বাগিছা।
৪৯) প্ৰশ্ন : অসম আক্ৰমণ কৰা প্ৰথম জন মোগল আক্ৰমণকাৰী কোন আছিল?
উত্তৰ : মহম্মদ ইবন বখ্তিয়া।
৫০) প্ৰশ্ন : কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক’ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰ : ১৯২৬ চনত গুৱাহাটীৰ পাণ্ডুত।
৫১) প্ৰশ্ন : ‘অসম ছাত্ৰ সন্মিলনী’ কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিল?
উত্তৰ : ১৯১৬ চনত। সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা।
অসমীয়া সাহিত্যৰ কুইজ - Assamese Literature Quiz
১. অসমীয়া ভাষা- সাহিত্যৰ জনক কোন ?
- শ্ৰীমন্ত শংকৰদেৱ ৷
২. শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰধান পুথিখনৰ নাম কি ?
- কীৰ্ত্তন
৩. প্ৰথম অসমীয়া গদ্য লেখক কোন ?
- ভট্টদেৱ ৷
৪. প্ৰথম অসমীয়া কথা-কবিতাৰ ৰচক কোন ?
- যতীন্দ্ৰ নাথ দুৱৰা ৷
৫. অসমীয়া চুটিগল্পৰ জনক কোন ?
- লক্ষ্মীনাথ বেজবৰুৱা ৷
৬. প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি ?
- লক্ষ্মীনাথ বেজবৰুৱাৰ 'সুৰভি' ৷
৭. অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচোঁতা কোন ?
- ৰবিন্সন (১৮৩৯ চন)
৮. অসমীয়া ভাষাত প্ৰথম অভিধান ৰচোঁতা কোন ?
- ব্ৰনচন (১৮৬৭ চন)
৯. অসম সাহিত্যসভাৰ প্ৰথম সভাপতি কোন ?
- পদ্মনাথ গোহাঞিবৰুৱা ৷
১০. অসম সাহিত্যসভাৰ প্ৰথম অধিবেশন কোন ঠাইত আৰু কিমান চনত হৈছিল?
- শিৱসাগৰত , ১৯১৭ চনৰ ডিচেম্বৰ মাহত ৷
১১. অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তিজন কোন আছিল ?
- হেমচন্দ্ৰ বৰুৱা ৷
১২. প্ৰথম অসমীয়া নাটক
- শংকৰদেৱৰ চিহ্নযাত্ৰা ৷
১৩. প্ৰথম অসমীয়া কথাকবিতাৰ ৰচিয়তা
- যতীন্দ্ৰ নাথ দুৱৰা ৷
১৪. প্ৰথম অসমীয়া ছপা পুথি
- আত্মাৰাম শৰ্মাৰ ধৰ্মপুস্তক (১৮১৩ চন) ৷
১৫. প্ৰথম অসমীয়া চিকাৰ কাহিনী
- তৰুণৰাম ফুকনৰ চিকাৰ কাহিনী ৷
১৬. প্ৰথম অসমীয়া ছনেট
- হেমচন্দ গোস্বামী ৰচিত প্ৰিয়তমাৰ চিঠি ৷
১৭. প্ৰথম অসমীয়া ছপা উপন্যাস
- পদ্মনাথ গোহাঞিবৰুৱা ৰচিত লাহৰী (১৮৯২ চন) ৷
১৮. অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন কোনবোৰ গীতত পোৱা যায় ?
- চৰ্যাপদ বা চৰ্যাগীতত ৷
১৯. প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি ?
- লক্ষ্মীনাথ বেজবৰুৱাৰ ‘কন্যা’ ৷
২০. প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটো কি ?
- বনকুঁৱৰী (কবি – চন্দ্ৰকুমাৰ আগৰৱালা) ৷
২১. প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ নাম কি ?
- ‘বিলাতৰ চিঠি’ (১৯৩৯ চন) লেখক – জ্ঞানদাভিৰাম বৰুৱা ৷
২২. অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয় ?
- ভট্টদেৱক ৷
২৩. অসমৰ প্ৰথম চনেট কবি কোন ?
- হেমচন্দ্ৰ গোস্বামী ৷
২৪. অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথি খনৰ নাম কি ?
- হেমসৰস্বতীৰ “প্ৰহ্লাদ চৰিত” ৷
২৫. অসমীয়া সাহিত্যত ৰোমাণ্টিক যুগৰ আৰম্ভণি কেতিয়াৰ পৰা হয় ?
- “জোনাকী” কাকত ওলোৱাৰ পৰা
২৬. অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট বুলি কাক জনা যায় ?
- ৰজনীকান্ত বৰদলৈক ৷
২৭. প্ৰথন অসমীয়া ব্যাকৰণখনৰ নাম কি ?
- “গ্ৰামাৰ অব্ আছামিজ্ লেংগুৱেজ” – উইলিয়াম ৰবিনছন(১৮৩৯)
২৮. অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সম্পাদক কোন আছিলে ?
- শৰৎ চন্দ্ৰ গোস্বামী ৷
২৯. অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি ?
- “চন্দ্ৰকান্ত অভিধান” ১৯৩৩ চন ৷
৩০. ‘চিৰাজ” নাটকখনৰ নাট্যকাৰজন কোন ?
- ফণী শৰ্মা ৷
৩১. “ভানুমতী” উপন্যাসখনৰ ঔপন্যাসিকগৰাকী কোন ?
- পদ্মনাথ গোহাঞি বৰুৱা ৷
৩২. সাহিত্য অকাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি ?
- বনফুল (১৯৫২) লেখক – যতীন্দ্ৰনাথ দুৱৰা ৷
৩৩. মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য অকাডেমী বটাঁ পোৱা গ্ৰন্থখনৰ নাম কি ?
- মামৰে ধৰা তৰোৱাল ৷
৩৪. সাহিত্য অকাডেমী বটাঁ প্ৰাপ্ত হীৰেণ ভট্টাচাৰ্য্যৰ প্ৰথম কবিতা পুথিখনৰ নাম কি ?
- সুগন্ধি পখিলা ৷
৩৫. জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল ?
- চন্দ্ৰকুমাৰ আগৰৱালা ৷
৩৬. ৰামধেনু ৰ সম্পাদক কোন আছিল ?
- ইন্দ্ৰকমল বেজবৰুৱা ৷
Post a Comment
0 Comments