বিশ্ব জনসংখ্যা দিৱস (World Population Day): প্ৰতি বছৰে ১১ জুলাইত বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। ১৯৮৭ চনৰ ১১ জুলাইত পৃথিৱীৰ জনসংখ্যা ৫ বিলিয়ন হৈছেগৈ। এই বিশেষ দিনটোৰ স্মৃতিত ১৯৮৯ চনত ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী পৰিষদে জনসংখ্যাৰ বিষয়টোৰ প্ৰতি আন্তৰ্জাতিক সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ প্ৰতি বছৰে ১১ জুলাই দিনটো বিশ্ব জনসংখ্যা দিৱস হিচাপে নিৰ্ধাৰণ কৰিছিল।
এনেদৰে ১৯৯০ চনৰ ১১ জুলাই দিনটো প্ৰথম বিশ্ব জনসংখ্যা দিৱস হিচাপে পৰিগণিত হয়। ২০১১ চনৰ ৩১ অক্টোবৰত বিশ্বৰ জনসংখ্যা ৭ বিলিয়ন আৰু ২০৩০ চনৰ ভিতৰত ৮.৬ বিলিয়ন আৰু ২০৫০ চনৰ ভিতৰত ৯.৮ বিলিয়ন হ’ব বুলিও প্ৰকল্প কৰা হৈছে।
বিশ্ব জনসংখ্যা দিৱসৰ মহত্ব
প্ৰতি বছৰে ১১ জুলাইত জনসংখ্যা নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হয়। জনসাধাৰণৰ মাজত সজাগতা আনিবলৈ এই দিৱস উদযাপন কৰা হয়। দৰাচলতে জনসংখ্যা বৃদ্ধিৰ ফলত দেশ তথা বিশ্বই সন্মুখীন হোৱা সমস্যা যেনে পৰিৱেশ তন্ত্ৰ আৰু মানৱতাৰ ক্ষয়-ক্ষতিৰ বিষয়ে আজিৰ দিনটোতে মানুহক সতৰ্ক কৰি দিয়া হয়। আজিৰ দিনটোত পৰিয়াল পৰিকল্পনা, দৰিদ্ৰতা, সমতা, নাগৰিক অধিকাৰ, মাতৃ-শিশুৰ স্বাস্থ্য, গৰ্ভনিৰোধক ঔষধৰ ব্যৱহাৰ আদি বহুতো গুৰুতৰ সমস্যাৰ বিষয়ে মানুহক সজাগ কৰি এই বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয়। চীনৰ পিছতে আমাৰ দেশ বিশ্বৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক জনবহুল দেশ।
Post a Comment
0 Comments