আমি সকলোৱে প্ৰায়ে কাৰোবাৰ লগত কথা পাতি বা আনকি আড্ডা মাৰি থাকোঁতে এটা শব্দ ব্যৱহাৰ কৰো। এই শব্দটো "OK" । OK এনেকুৱা এটা শব্দ, যিটো আপুনি আপোনাৰ বেছিভাগ কথাতে ব্যৱহাৰ কৰে।
"OK" ৰ অৰ্থ কি?
আমি সকলোৱে প্ৰায়ে কাৰোবাৰ লগত কথা পাতি বা আনকি আড্ডা মাৰি থাকোঁতে এটা শব্দ ব্যৱহাৰ কৰো। এই শব্দটো "OK" । OK এনেকুৱা এটা শব্দ, যিটো আপুনি আপোনাৰ বেছিভাগ কথাতে ব্যৱহাৰ কৰে। যেতিয়াই ঠিক আছে ক’বলগীয়া হয় তেতিয়াই OK ব্যৱহাৰ কৰোঁ। এই দুটা আখৰে এটা সম্পূৰ্ণ বাক্যৰ দৰে কাম কৰে, কিন্তু OK ৰ সম্পূৰ্ণ ৰূপটো জানেনে? আজি আমি আপোনালোকৰ লগত ইয়াত কথা পাতিম যে OK ৰ অৰ্থ কি (meaning of OK in Assamese)।
OK এটা গ্ৰীক শব্দ
ইংৰাজী ভাষাত OK শব্দটো আটাইতকৈ বেছি প্ৰচলিত। ইয়াৰ অৰ্থ হৈছে, ‘Olla Kalla’। ই এটা গ্ৰীক শব্দ। ইয়াৰ অৰ্থ হৈছে ‘ঠিক আছে’। অ’কে শব্দটোৰ জন্ম হৈছিল ১৮২ বছৰ আগতে। ইয়াৰ আৰম্ভণি হৈছিল আমেৰিকান সাংবাদিক চাৰ্লছ গৰ্ডন গ্ৰীণৰ কাৰ্যালয়ত।
নিৰ্বাচনী প্ৰচাৰত জনপ্ৰিয় হৈ উঠিল
ইয়াৰ পিছত ১৮৪০ চনত যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি মাৰ্টিন ভেন বুৰেন কেৰীয়ে নিৰ্বাচনী প্ৰচাৰত OK শব্দটো ব্যৱহাৰ কৰিছিল। তেতিয়াৰ পৰা ই সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ উঠিছে। তেতিয়াৰ পৰাই সকলোতে মানুহে 'OK word' ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে।
"OK" ক লৈ বহু তৰ্ক-বিতৰ্ক চলি আহিছে
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, পূৰ্বে কোৱা হৈছিল যে অ’কে আমেৰিকাৰ স্থানীয় ভাৰতীয় জনগোষ্ঠী (Choctaw) ৰ ওকেহ (okeh) শব্দৰ পৰা আহিছে। ইয়াৰ উপৰিও আফ্ৰিকাৰ ৱলফ ভাষাৰ পৰা উদ্ভৱ হোৱা বুলিও দাবী কৰা হৈছিল। এনে অৱস্থাত অ’কেক লৈ বিভিন্ন ধৰণৰ দাবী আৰু যুক্তিৰ সৃষ্টি হয়। বাস্তৱত ইয়াৰ উৎপত্তিক লৈ সদায় বিতৰ্ক চলি আহিছে।
Post a Comment
0 Comments