Competition based Political Science Quiz (GK) in Assamese is helpful for all students preparing for Competition exams.
Political Science Quiz in Assamese - ৰাজনীতি বিজ্ঞান কুইজ
প্ৰশ্নঃ কিমান চনত ভাৰতত নতুন অৰ্থনৈতিক নীতি গ্ৰহণ কৰা হৈছিল?
উত্তৰঃ 1991 চনত।
প্ৰশ্নঃ নতুন অৰ্থনৈতিক নীতি বাস্তবায়িত কৰাৰ সময়ত ভাৰতৰ বিত্তমন্ত্ৰী কোন আছিল?
উত্তৰঃ ড০ মনমোহন সিং।
Also Read: 1500+ GK in Assamese | General Knowledge
প্ৰশ্নঃ NATO সম্পূৰ্ণ ৰূপটো কি?
উত্তৰঃ North Atlantic Treaty Organisation.
প্ৰশ্নঃ এক মেৰু ৰাষ্ট্ৰ বুলিলে কি বুজা?
উত্তৰঃ ‘এক মেৰু ৰাষ্ট্ৰ’ বুলিলে এনে এখন ৰাষ্ট্ৰক বুজোৱা হয় যি বিশ্বৰ সৰ-বৰ অন্যান্য ৰাষ্ট্ৰৰ ওপৰত সামৰিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক প্ৰভাৱ বিস্তাৰ কৰে।
প্ৰশ্নঃ ছোভিয়েট ইউনিয়নত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংকট কোনে আৰম্ভ কৰিছিল?
উত্তৰঃ মিখাইল গৰ্বাচেভ।
প্ৰশ্নঃ ‘এক মেৰু ব্যৱস্থা বুলিলে কি বুজা?
উত্তৰঃ পৃথিৱীৰ প্ৰায়বোৰ ক্ষমতা আৰু প্ৰতিপত্তি যেতিয়া এটা কেন্দ্ৰ বা এখন দেশত কেন্দ্ৰীভূত হৈ পৰে, তেতিয়া তাক এককেন্দ্ৰিক পদ্ধতি বা ‘এক মেৰু ব্যৱস্থা’ বুলি কোৱা হয়।
প্ৰশ্নঃ গোলকীয় গাওঁ কি?
উত্তৰঃ গোলকীয় গাওঁ বুলিলে তথ্য-প্ৰযুক্তি আৰু সংযোগ ব্যৱস্থাৰ দ্ধাৰা সংকুচিত হোৱা বৰ্তমানৰ বিশ্বখনক বুজায়।
প্ৰশ্নঃ 1881 চনত মাৰ্কিন যুক্তৰাষ্ট্ৰত প্রতিষ্ঠা কৰা প্ৰথমখন বাণিজ্যিক স্কুলৰ নাম কি?
উত্তৰঃ হাৰ্টন স্কুল।
প্ৰশ্নঃ মাৰ্কিন যুক্তৰাষ্ট্ৰত কেতিয়া প্ৰথম এম বি এ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হৈছিল?
উত্তৰঃ 1950 চনত।
প্ৰশ্নঃ প্রথম উপসাগৰীয় যুদ্ধৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন আছিল?
উত্তৰঃ জৰ্জ এইচ ডব্লিউ বুশ্ব।
প্ৰশ্নঃ কোন চনত মাৰ্কিন সামৰিক গৱেষণা প্ৰকল্প আৰম্ভ হৈছিল?
উত্তৰঃ 1950 চনত।
প্ৰশ্নঃ কেতিয়াৰ পৰা আন্তৰ্জাতিক প্ৰেক্ষাপটত আমেৰিকাৰ আধিপত্য আৰম্ভ হৈছিল?
উত্তৰঃ 1991 চনত ।
প্ৰশ্নঃ ‘কিমান চনত ইৰাকে কৱেইট আক্ৰমণ কৰিছিল?
উত্তৰঃ 1990 চনত।
প্ৰশ্নঃ ‘মৰুভূমি ধুমুহা অভিযান’ মানে কি?
উত্তৰঃ 1990চনত ৰাষ্ট্ৰসংঘই ইৰাকৰ বিৰুদ্ধে কৰা সামৰিক অভিযানক ‘মৰুভূমিৰ ধুমুহা অভিযান’ বুলি কোৱা হয়।
প্ৰশ্নঃ চীনৰ কমিউনিষ্ট বিপ্লৱৰ নেতা কোন আছিল?
উত্তৰঃ মাও চে টুং।
প্ৰশ্নঃ ‘খোলা (মুক্ত) দুৱাৰৰ নীতি’ কি?
উত্তৰঃ ‘খোলা দুৱাৰ ‘বা মুক্ত দুৱাৰ’ হ’ল 1978 চনত চীন দেশত ঘোষণা কৰা এক নীতি যি নীতিৰ উদ্দেশ্য হ’ল বিদেশৰ পৰা আমদনি কৰা মুলধন আৰু প্ৰযুক্তি বিদ্যা বিনিয়োগ কৰি উৎপাদনশীলতা বৃদ্ধি কৰা।
প্ৰশ্নঃ কোন বছৰত একক বজাৰৰ সৃষ্টি কৰা হৈছিল?
উত্তৰঃ 1993 চনত একক বজাৰৰ সৃষ্টি কৰা হৈছিল।
প্ৰশ্নঃ কোন চনত ভাৰতৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীয়ে চীন ভ্ৰমণ কৰিছিল?
উত্তৰঃ ৰাজীৱ গান্ধীয়ে 1988 চনত চীন ভ্ৰমণ কৰিছিল।
প্ৰশ্নঃ ইউৰোপীয় ইউনিয়নৰ মুদ্ৰা কি?
উত্তৰঃ ইউৰো।
প্ৰশ্নঃ মিষ্ট্ৰিখটৰ সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল?
উত্তৰঃ 1992 চনত।
প্ৰশ্নঃ চীনৰ নিবনুৱা সমস্যাৰ বিষয়ে এটা বাক্যত লিখা।
উত্তৰঃ জনসংখ্যা বৃদ্ধি চীনৰ নিবনুৱা সমস্যাৰ এক অন্যতম কাৰণ।
Polity GK Quiz in Assamese
প্ৰশ্নঃ 1972 চনত চীনে কোনখন প্ৰধান ৰাষ্ট্ৰৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক স্থাপন কৰিছিল?
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে।
প্ৰশ্নঃ 1950 চনত চীনৰ ৰাজনৈতিক আৰু ধৰ্মীয় নেতা কোন আছিল?
উত্তৰঃ দালাই লামা।
প্ৰশ্নঃ কোন বছৰত ASEAN আঞ্চলিক মঞ্চ গঠন কৰা হৈছিল?
উত্তৰঃ 1994 চনত ।
প্ৰশ্নঃ কোন চনত ARF প্রতিষ্ঠা কৰা হৈছিল?
উত্তৰঃ 1994 চনত।
প্ৰশ্নঃ ভাৰত ASEAN ৰ সদস্য হয়নে?
উত্তৰঃ নহয়?
প্ৰশ্নঃ চাৰি আধুনিকীকৰণ বুলিলে কি বুজা?
উত্তৰঃ ‘চাৰি আধুনিকীকৰণ’ বুলিলে উন্নয়নৰ চাৰিটা ক্ষেত্ৰ যেনে- কৃষি, উদ্যোগ, ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আৰু বিজ্ঞান-প্ৰযুক্তিক বুজায়।
প্ৰশ্নঃ কিমান চনত চীনে ভাৰত আক্ৰমণ কৰিছিল?
উত্তৰঃ 1962 চনত।
প্ৰশ্নঃ ASEAN ৰ এখন প্রতিষ্ঠাপক সদস্য ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰঃ ফিলিপাইনছ।
প্ৰশ্নঃ মেকমোহন লাইনে কোন দুখন ৰাষ্ট্ৰক পৃথক কৰিছে?
উত্তৰঃ ভাৰত আৰু চীন।
প্ৰশ্নঃ SEZ ৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰঃ Special Economic Zone.
প্ৰশ্নঃ ASEAN ৰ বৰ্তমান সদস্য সংখ্যা কেইখন?
উত্তৰঃ 10 খন।
প্ৰশ্নঃ মাৰ্শ্বাল পৰিকল্পনা কি?
উত্তৰঃ 1948 চনত আমেৰিকা যুক্তৰাষ্ট্ৰই ইউৰোপীয় অৰ্থনীতি পুনৰ উত্থানৰ বাবে প্ৰচুৰ বিত্তীয় সাহাৰ্য্য আগবঢ়োৱাৰ বাবে যি পৰিকল্পনা হাতত লৈছিল তাকে ‘মাৰ্শ্বাল পৰিকল্পনা’ বুলি কোৱা হয়।
প্ৰশ্নঃ 'বেংকক ঘোষণা পত্ৰ’ কি?
উত্তৰঃ 1967 চনত ইণ্ডোনেচিয়া, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুৰ আৰু থাইলেণ্ডে বেংকত লগলাগি এক ঘোষণাপত্ৰত স্বাক্ষৰ কৰে, তাকে বেংকক ঘোষণা-পত্ৰ বোলে।
প্ৰশ্নঃ কোন চনত ইউৰোপীয় পৰিষদ প্রতিষ্ঠা কৰা হৈছিল?
উত্তৰঃ 1949 চনত।
প্ৰশ্নঃ চীন কেতিয়া বিশ্ব বাণিজ্য সংগঠনৰ সদস্য হৈছিল?
উত্তৰঃ 2001 চনত।
প্ৰশ্নঃ মিষ্ট্ৰিখটৰ সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল?
উত্তৰঃ 1992 চনত।
প্ৰশ্নঃ ‘9/11’ আক্ৰমণত কিমান লোকৰ মৃত্যু হৈছিল?
উত্তৰঃ 3,000 জন।
প্ৰশ্নঃ‘অল-কাইদা’ কি?
উত্তৰঃ ‘অল- কাইদা’ হ’ল আফগানিস্থিত এটা সন্ত্ৰাসবাদী সংগঠন। এই সংগঠনটোৱে 2001 চনৰ 11 চেপ্তেম্বত আমেৰিকাত বিমানেৰে আক্ৰমণ চলাই প্ৰায় 3,000 জন লোকৰ মৃত্যু ঘটাইছিল।।
প্ৰশ্নঃ সাম্প্ৰতিক বিশ্ব ৰাজনীতিত ‘এক মেৰু’য়ে কি সুচায়?
উত্তৰঃ সাম্প্ৰতিক বিশ্বত আমেৰিকা যুক্তৰাষ্ট্ৰই একচেতীয়া আধিপত্য বিস্তাৰ কৰিছে - ইয়াকে ‘এক মেৰু’ বোলা হয়।
প্ৰশ্নঃ NATO ৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰঃ North Atlantic Treaty Organisation.
প্ৰশ্নঃ প্ৰথম ইউৰোপীয় যুদ্ধক ‘মৰুভূমি ধুমুহা অভিযান’ বুলিও জনা যায়। (হয়নে নহয় লিখা)
উত্তৰঃ হয়।
Polity GK in Assamese Language
প্ৰশ্নঃ 1985 চনত ছোভিয়েট ইউনিয়নত কোনে সংস্কাৰ সাধন কৰিছিল?
উত্তৰঃ মিখাইল গৰ্বাচেেভ।
প্ৰশ্নঃ তলৰ উক্তিটো শুদ্ধ কৰা--
‘বিশ্ব আধিপত্যৰ শিপাডাল আছে প্ৰাচীন ৰোমত।’
উত্তৰঃ বিশ্ব আধিপত্যৰ শিপাডাল আছে প্ৰাচীন গ্ৰীচত।
প্ৰশ্নঃ ‘নমনীয় শক্তি’ কি?
উত্তৰঃ এখন ৰাষ্ট্ৰই নিজৰ আদৰ্শ তথা চিন্তাধাৰাৰ প্ৰভাৱৰ দ্বাৰা অন্যান্য ৰাষ্ট্ৰৰ ওপৰত প্ৰভূত্ব বিস্তাৰ কৰিবলৈ সক্ষম হোৱাকে ‘নমনীয় শক্তি’ বোলে।
প্ৰশ্নঃ ‘কঠিন শক্তি’ কি?
উত্তৰঃ অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত তথা সুগঠিত সামৰিক বাহিনীৰ সমৰ্থতাকে ‘কঠিন শক্তি’ বোলে।
প্ৰশ্নঃ ‘অপাৰেশ্যন ডেজাৰ্ট ষ্ট্ৰম’ কি?
উত্তৰঃ কুৱেটক ইৰাকৰ কৱলৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে 1991 চনত 660,000 সৈনিকেৰে গঠিত 34 খন ৰাষ্ট্ৰৰ সন্মিলিত গোট এটাই ইৰাকৰ বিৰুদ্ধে চলোৱা অভিযানক “অপাৰেচন ডেজাৰ্ট ষ্ট্ৰম’ বা ‘মৰুভূমিৰ ধুমুহা অভিযান’ বুলি কোৱা হয়।
প্ৰশ্নঃ গঠনমূলক শক্তি হিচাপে আধিপত্যৰ এটি উদাহৰণ দিয়া।
উত্তৰঃ যোগাযোগৰ বাবে সাগৰীয় পথ।
প্ৰশ্নঃ কোনে কাৰ বিৰুদ্ধে ‘অপাৰেশ্যন এনডিউৰং ফ্রিডম’ পৰিচালনা কৰিছিল?
উত্তৰঃ আমেৰিকাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশেষকৈ আফগানিস্থানৰ তালিবানসকল আৰু ‘অল- কায়দা’ সংগঠনটোৰ বিৰুদ্ধে ‘অপাৰেশ্যন এনডিউৰিং ফ্রিডম’ পৰিচালনা কৰিছিল।
প্ৰশ্নঃ গোলকীয় ৰাজহুৱা পণ্যৰ এটি উদাহৰণ দিয়া।
উত্তৰঃ ইন্টাৰনেট।
প্ৰশ্নঃ NIEO ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰঃ New International Economic Order.
প্ৰশ্নঃ CENTO ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰঃ Central Treaty Organisation.
প্ৰশ্নঃ শীতল যুদ্ধ কেতিয়া শেষ হৈছিল?
উত্তৰঃ 1991 চনত।
প্ৰশ্নঃ ৱাৰশ্ব চুক্তি (Warsaw Pact)ৰ প্ৰধান কাৰ্য কি আছিল?
উত্তৰঃ ৱাৰশ্ব চুক্তি (Warsaw Pact) ৰ প্ৰধান কাম আছিল ত্ত্বট্টথ্বত্থ ক প্ৰতিৰোধ কৰা।
প্ৰশ্নঃ কিউবা সংকট (Cuba Crisis) কি?
উত্তৰঃ কিউবা সংকট (Cuba Crisis) হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰই ছোভিয়েট ৰাছিয়াক কিউবালৈ পাৰমাণৱিক ক্ষেপণাস্ত্ৰ কঢ়িয়াই নিয়াত বাধা দিয়াৰ ফলস্বৰূপে সৃষ্টি হোৱা মতানৈক্য।
প্ৰশ্নঃ দুই মহাশক্তিৰ নাম লিখা।
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়া।
প্ৰশ্নঃ কোন চনত আমেৰিকাই জাপানৰ হিৰোশ্বিমা আৰু নাগাছাকিত আণৱিক বোমা নিক্ষেপ কৰিছিল?
উত্তৰঃ 1945 চনত ।
প্ৰশ্নঃ ৱাৰশ্ব চুক্তি (Warsaw Pact) বুলিলে কি বুজা?
উত্তৰঃ ৱাৰশ্ব চুক্তি (Warsaw Pact) হ’ল 1955 চনত ছোভিয়েট ৰাছিয়াৰ নেত্বত্বত পোলেণ্ড, পূৰ্ব জাৰ্মানী, হাঙ্গেৰী আৰু চেকশ্লোভাকিয়াকে ধৰি 8 খন ৰাষ্ট্ৰই লগ হৈ NATO ক প্ৰত্যাহ্বান জনাবলৈ সম্পাদন কৰা এক সামৰিক চুক্তি।
প্ৰশ্নঃ কিউবা সংকট .......... চনত হৈছিল। (খালী ঠাই পূৰণ কৰা)
উত্তৰঃ 1962
প্ৰশ্নঃ SEATO ৰ সম্পূৰ্ণ ৰূপটো লিখা।
উত্তৰঃ South East Asia Treaty Organisation.
প্ৰশ্নঃ বাৰ্লিন দেৱালৰ ৰ্দ্ঘৈ কিমান কিলোমিটৰ আছিল?
উত্তৰঃ 150 কি. মি.।
প্ৰশ্নঃ ‘বাৰ্লিন দেৱাল’ৰ কেতিয়া পতন হয়?
উত্তৰঃ 1989 চনত।
প্ৰশ্নঃ ‘ছোভিয়েট গণৰাজ্যৰ ভিতৰত কোনখন গণৰাজ্য প্ৰথমে স্বাধীন বুলি ঘোষণা কৰে?
উত্তৰঃ লিথুৱানিয়া।
প্ৰশ্নঃ শ্বক থেৰাপী (Shock Therapy) মানে কি?
উত্তৰঃ সমাজবাদী গোষ্ঠী পতনৰ পিছত পূৰ্বৰ সমাজবাদী ৰাষ্ট্রবোৰক পুঁজিবাদী গণতান্ত্ৰিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাৰ যি প্ৰক্ৰিয়া বিশ্ববেংক আৰু আন্তঃৰ্জাতিক মুদ্ৰা নিধিৰ উদ্দ্যোগত আৰম্ভ হৈছিল, তাকে বিশ্ব ৰাজনীতিত ‘Shock Therapy’ বুলি কোৱা হয়।
প্ৰশ্নঃ CIS ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰঃ Commonwealth of Independent States.
প্ৰশ্নঃ কোন চনত ৰাষ্ট্ৰসংঘত ৰাছিয়াই পূৰ্বৰ ছোভিয়েট ইউনিয়ৰ আসন গ্ৰহণ কৰিছিল?
উত্তৰঃ 1991 চনত।
প্ৰশ্নঃ কোনখন দেশৰ পতনৰ লগে লগে শীতল যুদ্ধৰ অৱসান ঘটায়?
উত্তৰঃ ছোভিয়েট ইউনিয়ন।
প্ৰশ্নঃ CENTO ৰ উদ্দেশ্য পৃথকীকৰণ নে?
উত্তৰঃ CENTO ৰ উদ্দেশ্য পৃথকীকৰণ নহয়। ইয়াৰ উদ্দেশ্য হ’ল- স্বাধীন বৈদেশিক নীতি গ্ৰহণ কৰা আৰু শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰা।
প্ৰশ্নঃ গোষ্ঠী নিৰেপক্ষ আন্দোলনৰ প্রতিষ্ঠাপক কোন আছিল?
উত্তৰঃ যচিব ব্রোস টিটু।
Political Science Quiz in Assamese - ৰাজনীতি বিজ্ঞান কুইজ
প্ৰশ্নঃ ASEAN কোন চনত গঠিত হৈছিল?
উত্তৰঃ 1967 চনত।
প্ৰশ্নঃ চীনে মুক্ত দুৱাৰ নীতি গ্ৰহণকৰিছিল। (হয় নে নহয় লিখা)
উত্তৰঃ হয়
প্ৰশ্নঃ আৰম্ভণিতে এছিয়ানৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কেইখন আছিল?
উত্তৰঃ 5 খন।
প্ৰশ্নঃ ভাৰত আৰু ¸চীনৰ মাজত হোৱা 1962 চনৰ সীমা বিবাদ মূলতঃ ............. আৰু .............. কলৈ হৈছিল? (খালী ঠাই পূৰণ কৰা)
উত্তৰঃ অৰুণাচল প্ৰদেশ আৰু লাডাখৰ আকচাই চীন।
প্ৰশ্নঃ আগ্ৰা শীৰ্ষ সন্মিলন ভাৰত আৰু পাকিস্থানৰ মাজত অনুষ্ঠিত হৈছিল। এই শীৰ্ষ সন্মিলনত অংশ গ্ৰহণ কৰা ভাৰতীয় প্ৰধানমন্ত্ৰীজনৰ নাম লিখা।
উত্তৰঃ অটল বিহাৰী বাজেেপয়ী।
প্ৰশ্নঃ SAARC- ৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰঃ South Asian Association of Regional Co-operation.
প্ৰশ্নঃ ইছলামাবাদত অনুষ্ঠিত 12 তম SAARC শীৰ্ষ সন্মিলনত SAFTA স্বাক্ষৰ কৰা হৈছিল’- উক্তিটো শুদ্ধনে?
উত্তৰঃ শুদ্ধ।
প্ৰশ্নঃ শ্ৰীলংকাৰ ৰাজনীতি ----------- সংখ্যাগুৰু সম্প্ৰদায়ৰ দ্বাৰা অৱদমিত। (খালী ঠাই পূৰণ কৰা)।
উত্তৰঃ সিংহলি।
প্ৰশ্নঃ ভাৰতৰ ‘পূৱলৈ চোৱা নীতি’ৰ এটা অংশ কোনদেশ?
উত্তৰঃ বাংলাদেশ।
প্ৰশ্নঃ দক্ষিণ এছিয়াই কি সূচায়?
উত্তৰঃ দক্ষিণ এছিয়া বুলিলে বাংলাদেশ, ভূটান, মালদ্বীপ, ভাৰত, নেপাল, পাকিস্থান, আৰু শ্ৰীলংকা- এই সাতখন দেশক বুজায়।
প্ৰশ্নঃ চীন দক্ষিণ এছিয়াৰ এটা অংশ হয়নে?
উত্তৰঃ চীন দক্ষিণ এছিয়াৰ এটা অংশ নহয়।
প্ৰশ্নঃ দক্ষিণ এছিয়া মণ্ডলত প্ৰথমে কোনখন দেশে নিজৰ অৰ্থনীতিৰ উদাৰীকৰণ কৰিছিল?
উত্তৰঃ শ্ৰীলংকা।
প্ৰশ্নঃ গোষ্ঠী নিৰেপক্ষ আন্দোলনৰ প্ৰথম সন্মিলন কেতিয়া আৰু ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰঃ 1961 চনত, বেলগ্ৰেডত।
প্ৰশ্নঃ গোষ্ঠী নিৰেপক্ষ আন্দোলনৰ প্ৰথম অধিৱেশনত কেইখন সদস্য ৰাষ্ট্ৰ উপস্থিত আছিল?
উত্তৰঃ 25 খন।
প্ৰশ্নঃ ‘গোষ্ঠী নিৰেপক্ষতা নিৰ্লিপ্তবাদ নহয়, কিয়নো নিৰ্লিপ্তবাদ মানে ঘটনাক্ৰমৰ পৰা আঁতৰি থকা বুজায়।’ - কথাষাৰ সঁচানে?
উত্তৰঃ সঁচা।
প্ৰশ্নঃ দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত বোমা পৰা দুখন ঠাইৰ নাম লিখা।
উত্তৰঃ হিৰোশ্বিমা আৰু নাগাচাকি।
প্ৰশ্নঃ LOCS কি?
উত্তৰঃ Line of Controls.
প্ৰশ্নঃ NAM সম্পূৰ্ণ ৰূপটো কি?
উত্তৰঃ Non-Aligned Movement.
প্ৰশ্নঃ LDCs কি?
উত্তৰঃ Least Developed Countries.
প্ৰশ্নঃ কোন চনত জাৰ্মানীৰ একত্ৰিকৰণ কৰা হয়?
উত্তৰঃ 1990 চনত।
প্ৰশ্নঃ ‘শীতল যুদ্ধ’ (Cold War) বুলিলে কি বুজা?
উত্তৰঃ দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত বিশ্বৰ দুই মহাশক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াৰ মাজত বিশ্ব ৰাজনীতিত আধিপত্য স্থাপনক লৈ চলা প্ৰতিযোগিতা আৰু কুটনৈতিক অৰিয়া-অৰিক শীতল যুদ্ধ বুলি কোৱা হয়।
প্ৰশ্নঃ শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল?
উত্তৰঃ 1945 চনত।
প্ৰশ্নঃ 977 চনৰ নিৰ্বাচনত জনতা চৰকাৰৰ প্ৰধানমন্ত্ৰী কোন হৈছিল?
উত্তৰঃ মোৰাৰজী দেশাই।
প্ৰশ্নঃ কেন্দ্ৰ মৰ্চা চৰকাৰৰ যুগ কেতিয়াৰ পৰা আৰম্ভ হৈছিল?
উত্তৰঃ 977 চনৰ পৰা।
প্ৰশ্নঃ NDA ৰ সম্পূৰ্ণ ৰূপটো লিখা।
উত্তৰঃ National Democratic Alliance.
প্ৰশ্নঃ ভাৰতত বহুদলীয় ব্যৱস্থা আছে। (সত্য নে অসত্য)
উত্তৰঃ সত্য।
প্ৰশ্নঃ পূৰ্বৰ ছোভিয়েট ইউনিয়নত কিমানখন গণৰাজ্য আছিল?
উত্তৰঃ 15 খন।
প্ৰশ্নঃ বলচেভিক সাম্যবাদী দলৰ প্রতিষ্ঠাপক কোন আছিল?
উত্তৰঃ বৰিচ য়াল্টচিন।
প্ৰশ্নঃ কেতিয়া ছোভিয়েট ৰাছিয়াৰ জন্ম হয়?
উত্তৰঃ 1917 চনত।
প্ৰশ্নঃ কেতিয়া পাৰমাণৱিক নিঃসম্প্ৰসাৰণ চুক্তি স্বাক্ষৰিত হৈছিল?
উত্তৰঃ 1964 চনৰ 1 জুলাইত।
প্ৰশ্নঃ ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত বিশ্বত কোন শক্তি একক মহাশক্তি হৈছিল?
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ।
প্ৰশ্নঃ কোন চনত আমেৰিকাই জাপানৰ হিৰোশ্বিমা আৰু নাগাছাকিত আণৱিক বোমা নিক্ষেপ কৰিছিল?
উত্তৰঃ 1945 চনত ।
প্ৰশ্নঃ কোন চনত ৱাৰশ্ব সন্ধি ভংগ হৈছিল?
উত্তৰঃ 1991 চনত।
প্ৰশ্নঃ বলছেভিক কমিউনিষ্ট পাৰ্টিৰ প্রতিষ্ঠাতা কোন আছিল?
উত্তৰঃ লেলিন।
প্ৰশ্নঃ কেতিয়া ছোভিয়েট ৰাছিয়াৰ উত্থান হয়?
উত্তৰঃ 1917 চনত।
প্ৰশ্নঃ কেতিয়া দ্বি-মেৰুকৰণৰ অৱসান ঘটে?
উত্তৰঃ 1991 চনত।
প্ৰশ্নঃ কোনে ছোভিয়েট ৰাছিয়াত সংস্কাৰ আৰম্ভ কৰিছিল?
উত্তৰঃ মিখাইল গৰ্বাচেেভ।
প্ৰশ্নঃ চোভিয়েট ৰাছিয়াৰ পতনৰ তাৎক্ষণিক কাৰণ কি আছিল?
উত্তৰঃ চোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে গৰ্বাচেভ 1991 চনৰ 25 ডিচেম্বৰত পদত্যাগ কৰাৰ লগে লগে ছোভিয়েট ইউনিয়নৰ পৰিসমাপ্তি ঘটে।
প্ৰশ্নঃ কোনখন দেশৰ পতনক ‘দ্বিতীয় বিশ্বৰ পতন’ বুলি কোৱা হয়?
উত্তৰঃ ছোভিয়েট ইউনিয়ন।
প্ৰশ্নঃ ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ এটা বৈশিষ্ট্য লিখা।
উত্তৰঃ অৰ্থনৈতিক উদাৰীকৰণ।
প্ৰশ্নঃ গোধৰা কাণ্ড কেতিয়া সংঘটিত হৈছিল?
উত্তৰঃ 2002 চনৰ 27 ফেব্রৱাৰীত।
প্ৰশ্নঃ ‘ভাইছাৰা’ মানে কি?
উত্তৰঃ সামাজিক সমিলমিল বা ভাতৃত্ববোধ ।
প্ৰশ্নঃ বহুজন সামজবদী পাৰ্টিৰ প্রতিষ্ঠাতা কোন?
উত্তৰঃ কাশীৰাম।
প্ৰশ্নঃ মণ্ডল আয়োগৰ অধ্যক্ষ কোন আছিল?
উত্তৰঃ বিন্দেশ্বৰী প্ৰসাদ মণ্ডল।
প্ৰশ্নঃ ভাৰত নতুন অৰ্থনৈতিক নীতি কোনে গ্ৰহণ কৰিছিল?
উত্তৰঃ পি ভি নৰসিংহ ৰাও চৰকাৰে।
প্ৰশ্নঃ ‘নীৰৱ বিপ্লৱ’ কি?
উত্তৰঃ ভাৰতৰ ৰাজনীতিত অন্যান্য পিছপৰা সম্প্ৰদায় আৰু নিম্নবৰ্গৰ উত্থানক ক্ৰিষ্টফাৰ জাফেল টেৱে ‘নীৰৱ বিপ্লৱ’ বুলি আখ্যা দিছিল।
Post a Comment
0 Comments