Type Here to Get Search Results !

Political GK In Assamese - Political Science GK - Political GK

অসমীয়াত ৰাজনৈতিক জি কে প্ৰশ্ন, ৰাজনৈতিক জি কে কুইজ। Bank, Railway Exam, Police, SSC CGL আৰু CHSL, UPSC, IAS, SBI PO, Clerks, IBPS বা অন্যান্য পৰীক্ষাত ক্ৰেক কৰিবলৈ শক্তিশালী ৰাজনৈতিক সাধাৰণ জ্ঞান থকাটো অতি প্ৰয়োজনীয়। ইয়াত পঢ়ক ৰাজনৈতিক সাধাৰণ সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত সোধা প্ৰশ্ন।

ৰাজনীতি | ৰাজনৈতিক সাধাৰণ জ্ঞান | India Political GK In Assamese

১/ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ কেতিয়া গঠন হৈছিল?

(ক) ১৯৩৫ চনৰ ২৬ নৱেম্বৰ

(খ) ১৯৪৭ চনৰ ১৫ আগষ্ট

(গ) ২৭ ছেপ্টেম্বৰ ১৯২৫

(ঘ) ২৬ জানুৱাৰী ১৯৫০

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ. এছ. এছ এক ভাৰতীয় সোঁপন্থী, হিন্দু ৰাষ্ট্ৰবাদী, অৰ্ধসামৰিক স্বেচ্ছাসেৱক সংস্থা। ইয়াক ভাৰতৰ শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ পিতৃ অনুষ্ঠান হিচাপে গণ্য কৰা হয়।


২) ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখ্য কাৰ্যালয় ক'ত?

(ক) নাগপুৰ

(খ) ভোপাল

(গ) আগ্ৰা

(ঘ) আহমেদাবাদ


৩/ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক কোন?

(ক) মোহন ভাগৱত

(খ) অটল বিহাৰী বাজপেয়ী

(গ) মোৰাৰজী দেশাই

(ঘ) কেশৱ বলিৰাম হেডগেৱাৰ

ডা° কেশৱ বলিৰাম হেডগেৱাৰ (K.B.Hedgewar) আছিল এজন দেশভক্ত। কেশৱে বাল্য কালতে সীতা মঢ়ী দুৰ্গাৰ পৰা ইংৰাজৰ পতাকা নমাবৰ কাৰণে সুৰংগ খন্দাৰ দৰে দুঃসাহসিক কামৰ জৰিয়তে প্ৰখৰ দেশভক্তিৰ নিদৰ্শন দাঙি ধৰিছিল। ১৯২১ চনত অসহযোগ আন্দোলনৰ সময়ত উত্তেজিত ভাষণ দিয়া বাবে ইংৰাজ চৰকাৰে তেওঁক কাৰাবাস দিছিল।


৪/ ভাৰতীয় জনতা পাৰ্টি কেতিয়া প্ৰতিষ্ঠা হৈছিল ?

(ক) ১৯৪৭ চনৰ ১৫ আগষ্ট

(খ) ৬ এপ্ৰিল ১৯৮০

(গ) ২৬ জানুৱাৰী ১৯৫০

(ঘ) অন্যান্য

ভাৰতীয় জনতা পাৰ্টি বা বিজেপি ভাৰতৰ এক অন্যতম ৰাজনৈতিক দল। ১৯৮০ চনত প্ৰতিষ্ঠিত এই দলটি বৰ্তমান ভাৰতৰ বৃহত্তম আৰু প্ৰশাসক ৰাজনৈতিক দল। এইটো এটা ভাৰতীয় জাতীয়তাবাদী আৰু ৰক্ষণশীল সামাজিক নীতি, স্বদেশী, মুক্তবজাৰ ধনতান্ত্ৰিক নীতি, জাতীয় নীতিৰ দ্বাৰা পৰিচালিত বিদেশ নীতি, আৰু শক্তিশালী জাতীয় নিৰাপত্তা ব্যৱস্থাৰ সমৰ্থক।


৫/ ভাৰতীয় জনসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল ?

(ক) ২৭ ছেপ্টেম্বৰ ১৯২৫

(খ) ১৯৬০ চনৰ ২৫ মাৰ্চ

(গ) ২১ অক্টোবৰ ১৯৫১ চন

(ঘ) অন্যান্য

ভাৰতীয় জনসংঘ ভাৰতৰ এটা বিশেষ হিন্দুত্ববাদী ৰাজনৈতিক সংগঠন যিটো ১৯৫১ চনৰ পৰা ১৯৯০ চনলৈ অস্তিত্ব লাভ কৰিছিল আৰু পৰৱৰ্তী সময়ত ভাৰতৰ অন্যতম আগশাৰীৰ ৰাজনৈতিক দল হিচাপে পৰিগণিত হৈছিল ভাৰতীয় জনতা পাৰ্টি।


৬/ ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয় ক'ত?

(ক) নতুন দিল্লী

(খ) গুজৰাট

(গ) ঝাৰখণ্ড

(ঘ) মহাৰাষ্ট্ৰ

নতুন দিল্লী ভাৰতৰ ৰাজধানী আৰু দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ভূখণ্ডৰ এক অংশ। নতুন দিল্লী ভাৰত চৰকাৰৰ তিনিওটা শাখাৰ মুখ্য কাৰ্যালয়, য’ত ৰাষ্ট্ৰপতি ভৱন, সংসদ ভৱন, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ আয়োজন আছে।


৭/ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতীক কি?

(ক) ঘড়ী

(খ) বন্তি

(গ) হাতী

(ঘ) পদুম


৮/ আম আদমী পাৰ্টি কেতিয়া প্ৰতিষ্ঠা হৈছিল?

(ক) ১৫ অক্টোবৰ ২০১২

(খ) ২৬ নৱেম্বৰ ২০১২

(গ) ১৭ ডিচেম্বৰ ২০১৩

(ঘ) অন্যান্য

আম আদমি পাৰ্টী (Aam Aadmi Party; সংক্ষেপে আপ; অৰ্থ: সাধাৰণ লোকৰ দল) এক ভাৰতীয় ৰাজনৈতিক দল। ইয়াৰ আনুষ্ঠানিক আৰম্ভ হয় ২০১২ চনৰ ২ নৱেম্বৰ তাৰিখে আৰু বৰ্তমানে ই ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী আৰু পঞ্জাৱৰ শাসকদল।


৯/ ভাৰতৰ প্ৰথম আইন আৰু ন্যায় মন্ত্ৰী হ'ল_

(ক) অশোক কুমাৰ সেন

(খ) হংস ৰাজ খান্না

(গ) ভীমৰাও ৰামজী আম্বেদকাৰ

(ঘ) অন্যান্য

ডঃভীমৰাও ৰামজী আম্বেদকাৰ (Bhimrao Ramji Ambedkar) (১৮৯১-১৯৫৬) এজন ভাৰতীয় আইনজ্ঞ, ৰাজনৈতিক নেতা, দাৰ্শনিক, বুৰঞ্জীবিদ, অৰ্থনীতিবিদ, শিক্ষক তথা লেখক আছিল। তেওঁ কেন্দ্ৰীয় মন্ত্ৰী সভাত প্ৰথম আইন মন্ত্ৰী আছিল। 


১০) লোকসভাৰ প্ৰাৰ্থী হ’বলৈ নূন্যতম বয়স কিমান?

(ক) ২৫

(খ) ৩০

(গ) ৩৫

(ঘ) ১৮

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad


  विद्यां ददाति विनयं विनयाद् याति पात्रताम्। पात्रत्वात् धनमाप्नोति धनात् धर्मं ततः सुखम्।।  

Below Post Ad

Ads Section