এজন গাড়ীচালকৰ ত্যাগক যে বহুতে মূল্য দিব নিবিচাৰে। ৰূপম দত্তই কৈ গৈছিল সেই কাহিনী। আমি ৰাতি কুঁৱলি ফালি গাড়ী চলাব লগা হয়। লাহে লাহেও যাব নোৱাৰো। মানুহক সঠিক সময়ত গৈ পোৱাবগৈ লাগে। কিবা কাৰণত ইফাল সিফাল হ’লে যাত্ৰীয়ে আমাক গালি পাৰে। ড্ৰাইভাৰৰ জাতত ধৰি সমালোচনা কৰে।
Rupam Dutta‘s “Life of a Driver Cabiner Ipare
ৰূপম দত্ত এতিয়া উচুপিছে। তেওঁৰ মনত আনন্দ। তেওঁ ক’লে- নভবাকৈয়ে হৈ গ’ল সকলো। কোনে ভাবিব পাৰে এজন ড্ৰাইভাৰে লিখিব পাৰে তেওঁৰ জীৱন কাহিনী। কেৱল মোৰে কাহিনী নহয় এয়া। এই কাহিনী ড্ৰাইভাৰৰ মনৰ কথা। মই উপন্যাস ৰূপত ধৰি ৰাখিছো ইয়াত।
অভিনন্দন ৰূপম দত্ত। পাঠকে নিশ্চয় পঢ়িব ‘লাইফ অৱ এ ড্ৰাইভাৰ’ । পঢ়ি বুজিব এজন চালকৰ মনৰ কথা। তেওঁৰ মনত আগাদেৱা কৰি থকা এই কাহিনীবোৰেই ক’ব চালকসকলৰ জীৱন কাহিনী। তেওঁলোকৰ অনুভূতি।
(আপোনাৰ ঘৰলৈ আহিব কিতাপখন)
***
Post a Comment
0 Comments