Communication Quiz (GK) in Assamese - অসমৰ যোগাযোগ ব্যৱস্থা
প্ৰঃ কোনে ব্রহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা শৰাইঘাট দলংখনৰ নক্সা আৰু পৰিকল্পনা কৰিছিল?
উঃ বি. চি. গাংগুলী।
প্ৰঃ অসমৰ প্ৰথম আকাশীযান চালক কোন আছিল?
উঃ মহানন্দ দাস।
প্ৰঃ অসমত টেলিফোন আৰু টেলিগ্ৰাফ সেৱা কেতিয়া আৰম্ভ কৰা হৈছিল?
উঃ 1866 চনত।
প্ৰঃ অসমত কেতিয়া ঘাইপথ (ৰাষ্ট্ৰীয় পথ) স্থাপন কৰা হৈছিল?
উঃ 1866 চনত।
প্ৰঃ এন. এফ, আৰ (N.F.R.) ৰ সম্পূৰ্ণ নাম কি?
উঃ North-east Frontier Railway.
প্ৰঃ ব্রহ্মপুত্ৰ নদীৰ ওপৰত থকা শৰাইঘাট দলংখন কোনে উদ্বোধন কৰিছিল?
উঃ জৱাহৰলাল নেহৰুৱে (1962 চনত)।
প্ৰঃ অসমত আধুনিক যোগাযোগ ব্যৱস্থাৰ সূচনা কেতিয়াৰ পৰা হয়?
উঃ 1826 চনত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰাৰ সময়ৰ পৰা।
প্ৰঃ ডিব্রূগড় জিলাত থকা বিমান বন্দৰটো ক’ত অৱস্থিত?
উঃ মোহনবাৰীত।
প্ৰঃ ‘ডিব্রূগড় ৰেলৱে কৰ্মশালা’ কেতিয়া নিৰ্মাণ কৰা হৈছিল?
উঃ 1881 চনত।
প্ৰঃ শৰাইঘাট দলং কেতিয়া মুকলি কৰা হৈছিল?
উঃ 1963 চনত।
প্ৰঃ অসমৰ মুঠ ঘাইপথৰ ৰ্দ্ঘৈ কিমান?
উঃ 2044 কিলোমিটাৰ।
প্ৰঃ এ. এছ. আৰ. টি. চি. (ASRTC) ৰ সম্পূৰ্ণ নাম কি?
উঃ Assam State Road Transport Corporation.
প্ৰঃ শোণিতপুৰ জিলাত থকা বিমান বন্দৰটি ক’ত অৱস্থিত?
উঃ শালনিত।
প্ৰঃ লখিমপুৰ জিলাত থকা বিমান বন্দৰটো ক’ত অৱস্থিত?
উঃ লীলাবাৰীত।
প্ৰঃ যোৰহাট জিলাত থকা বিমান বন্দৰটি কোন ঠাইত অৱস্থিত?
উঃ ৰৰৈয়াত।
প্ৰঃ গুৱাহাটীত প্ৰথম কেতিয়া ব্রডগজ স্থাপন হৈছিল?
উঃ 1984, 24 এপ্ৰিল।
প্ৰঃ ব্রহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা দ্বিতীয়খন দলং কোনটো?
উঃ কলিয়া-েভামোৰা দলং।
প্ৰঃ অসমত কিমান চনত ৰেললাইন স্থাপন কৰা হৈছিল?
উঃ 1885 চনত।
প্ৰঃ অসমৰ প্ৰধান ৰাষ্ট্ৰীয় ঘাইপথ কোনটো?
উঃ 31 নং ৰাষ্ট্ৰীয় পথ।
প্ৰঃ উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক’ত?
উঃ গুৱাহাটীৰ মালিগাওঁত।
Assam Communication GK in Assamese
প্ৰঃ গুৱাহাটী আৰু শ্বিলংৰ মাজৰ ৰাস্তাৰ যোগাযোগ কেতিয়া হৈছিল?
উঃ 1877 চনত।
প্ৰঃ অসমত কোনে প্ৰথমতে ৰেল যোগাযোগ আৰম্ভ কৰিছিল?
উঃ অসম ৰেলৱে আৰু ব্যৱসায়িক কোম্পানীয়ে।
প্ৰঃ অসমত নৌ-সেৱা কেতিয়া আৰম্ভ হয়?
উঃ 1847 চনত।
প্ৰঃ শিলচৰৰ বিমান ঘাটি ক’ত অৱস্থিত?
উঃ কুম্ভীৰগ্ৰামত।
প্ৰঃ অসমৰ কামৰূপ জিলাত থকা বিমান বন্দৰটোৰ নাম কি?
উঃ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ।
প্ৰঃ অসমত কিমানটা বিমান বন্দৰ আছে?
উঃ 6 টা।
প্ৰঃ অসমৰ ক’ত ৰেল ইঞ্জিন মেৰামতি কৰা হয়?
উঃ ডিব্রূগড় আৰু বঙাইগাঁৱত।
প্ৰঃ অসমৰ আটাইতকৈ ওখ ঠাইত অৱস্থিত ৰেল ষ্টেচন কোনটো?
উঃ উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলৰ ‘জাতিঙ্গা’ত।
প্ৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ আন্তৰ্জাতিক বিমান বন্দৰ কোনটো?
উঃ অসমৰ কামৰূপ জিলাত থকা ‘লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ’
Post a Comment
0 Comments