The Assam Geography general knowledge (GK) study material is most important subject nowadays for all competitive exams of Assam state.
Assam Geography General Knowledge (GK) - অসমৰ ভৌগোলিক তথ্য - সাধাৰণ জ্ঞান
প্ৰঃ ‘অসম’ শব্দৰ অৰ্থ কি?
উঃ অসমান।
অসম নামটোৰ উৎপত্তি সম্বন্ধে সঠিককৈ ক'ব নোৱাৰি। পূৰ্বতে এই ভূখণ্ড কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ ৰাজ্য নামেৰে প্ৰসিদ্ধ আছিল। ত্ৰয়োদশ শতিকা মানত আহোমসকলে এই ভূখণ্ড জয় কৰাৰ পাছত 'অসম' নামটোৰ প্ৰচলন হয়। আহোম স্বৰ্গদেউসকলৰ দিনত ৰচিত বুৰঞ্জী, সাহিত্য, চৰিত পুথি আৰু বৈষ্ণৱ সাহিত্যত পঞ্চদশ শতিকামানৰ পৰা অছম, আছাম, অসম, আসম, আসাম, অহম, আহম, আহোম আদি শব্দৰ প্ৰচলন লক্ষ্য কৰা যায়।
অসম নামৰ উৎপত্তি সম্বন্ধে কোনো কোনোৱে মত পোষণ কৰে যে এই ভূখণ্ড পৰ্বত-পাহাৰেৰে অসমান হোৱা বাবে ইয়াৰ নাম অসম হ'ল।
প্ৰঃ অসমৰ অতি প্ৰাচীন নাম কি আছিল?
উঃ প্ৰাগ্জ্যোতিষপুৰ।
বৰ্তমান আধুনিক গুৱাহাটীৰ ভিতৰৰ অঞ্চল হিচাপে গণ্য কৰা প্ৰাগজ্যোতিষপুৰা আছিল বৰ্মন বংশৰ এখন প্ৰাচীন নগৰ আৰু ৰাজধানী।
Also Read: 1500+ Assamese GK
প্ৰঃ অসমৰ প্ৰাকৃতিক বিভাগ কেইটা আৰু কি কি?
উঃ অসমৰ প্ৰাকৃতিক বিভাগ চাৰিটা, যেনে--ব্রহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা, কার্বি আংলং উপত্যকা আৰু উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চল।
প্ৰঃ ভৌগোলিক অৱস্থান অনুসৰি অসম কিমান ডিগ্ৰী দ্ৰাঘিমাৰেখাৰ পৰা কিমান ডিগ্ৰী দ্ৰাঘিমাৰেখালৈ বিস্তৃত?
উঃ 90 ডিগ্ৰি পূৱ দ্ৰাঘিমাৰ পৰা 95 ডিগ্ৰী পূৱ দ্ৰাঘিমালৈ বিস্তৃত।
প্ৰঃ অসমৰ উত্তৰে কোনখন ভাৰতীয় প্ৰদেশ অৱস্থিত?
উঃ অৰুণাচল প্ৰদেশ।
প্ৰঃ অসমৰ দক্ষিণে থকা ভাৰতীয় প্ৰদেশ কেইখন কি কি?
উঃ মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়।
প্ৰঃ ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমে আগুৰি আছে?
উঃ 2.4 শতাংশ ।
প্ৰঃ মাটিকালিৰ দিশৰ পৰা ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান?
উঃ দ্বাদশ।
প্ৰঃ ব্রহ্মপুত্ৰ নদীৰ আন নাম কি?
উঃ লুইত।
প্ৰঃ অসমৰ পাহাৰীয়া অঞ্চলৰ উচ্চতা কিমান?
উঃ 1000 মিটাৰৰ পৰা 1200 মিটাৰ।
প্ৰঃ অসমতৰ 1869 চনৰ 10 জানুৱাৰীত হোৱা ভূমিকম্পত অসমৰ কোনটো উপত্যকা 15 ফুট তললৈ নামি গৈছিল?
উঃ বৰাক উপত্যকা।
বৰাক উপত্যকা (দক্ষিণ অসম বুলিও জনাজাত) ভাৰতৰ অসম ৰাজ্যৰ দক্ষিণ অঞ্চলত অৱস্থিত।
প্ৰঃ ব্রহ্মপুত্ৰ নদীৰ মুঠ ৰ্দ্ঘৈ কিমান?
উঃ 2900 কিলোমিটাৰ।
তিব্বতত য়াৰলুং ছাংপো, অৰুণাচল প্ৰদেশত চিয়াং/দিহাং নদী, অসমীয়া ভাষাত লুইত নামেৰে জনাজাত ব্ৰহ্মপুত্ৰ তিব্বত, ভাৰত, বাংলাদেশৰ মাজেৰে বৈ যোৱা সীমা অতিক্ৰম কৰা নদী। নিৰ্গমনৰ হিচাপত ই বিশ্বৰ ৯ম বৃহত্তম নদী, আৰু ১৫ নং দীঘল নদী।
প্ৰঃ ব্রহ্মপুত্ৰ নদীৰ বৃহত্বম উপনদী কোনখন?
উঃ সোৱণশিৰি।
ASSAM STATE GK IN ASSAMESE
প্ৰঃ অসমৰ কোনখন অঞ্চল আটাইতকৈ শুকান?
উঃ লংকা-হোজাই।
প্ৰঃ অসমৰ দ্বিতীয়খন প্ৰধান নদী বৰাকৰ ৰ্দ্ঘৈ কিমান কিলোমিটাৰ?
উঃ 900 কিলোমিটাৰ।
প্ৰঃ কোনখন তুষাৰ নদীৰ পৰা ব্রহ্মপুত্ৰ নদীখন ওলাইছে?
উঃ ছেমায়ুং ডং।
প্ৰঃ অসমৰ বৰাক নদী কোনখন পাহাৰৰ পৰা ওলাইছে?
উঃ বৰাইল পাহাৰৰ পৰা।
প্ৰঃ গুৱাহাটী মহানগৰ কোনখন নদীৰ পাৰত অৱস্থিত?
উঃ ব্রহ্মপুত্ৰ।
প্ৰঃ ব্রহ্মপুত্ৰ উপত্যকা কোনখন পৰ্বতমালাৰ নামনিত অৱস্থিত?
উঃ হিমালয় পৰ্বতমালা।
প্ৰঃ অসমৰ সমভূমি অঞ্চলৰ জলবায়ু কেনেকুৱা?
উঃ সেমেকা।
প্ৰঃ অসমৰ একমাত্ৰ পাৰ্বত্য নিবাস কোনখন?
উঃ হাফলং।
প্ৰঃ অসমৰ ক্ষুদ্ৰতম জিলা কোনখন?
উঃ হাইলাকান্দি।
প্ৰঃ অসমৰ বৃহৎ জিলা কোনখন?
উঃ কার্বি আংলং।
প্ৰঃ অসমৰ প্ৰধান নৈ কি কি?
উঃ ব্রহ্মপুত্ৰ আৰু বৰাক।
প্ৰঃ অসমৰ বৃহত্বম নদী-দ্বীপটো কি?
উঃ মাজুলী।
প্ৰঃ অসমৰ অধিক সংখ্যক জিলাতেই মহকুমাৰ অধিকতম সংখ্যা কিমান?
উঃ 3 টা।
প্ৰঃ অসমৰ কোনখন জিলাত পুৰুষ মহিলাৰ অনুপাতৰ হাৰ সবৰ্বাধিক?
উঃ গোৱালপাৰা।
প্ৰঃ অসমৰ কোনখন জিলাত গৰম পানীৰ উহ আছে?
উঃ গোলাঘাট জিলাত।
প্ৰঃ বিশ্বৰ সবৰ্ববৃহৎ নদী-দ্বীপ মাজুলী অসমৰ কোনখন জিলাত অৱস্থিত?
উঃ যোৰহাট জিলাত।
প্ৰঃ বদৰপুৰ উত্তৰ-পূৱ ৰেলৱেৰ এটি বৃহৎ জনচন। ই অসমৰ কোনখন জিলাত অৱস্থিত?
উঃ কৰিমগঞ্জ জিলাত।
প্ৰঃ অসমৰ পৰা কিমান জন সদস্য ৰাজ্যসভালৈ নিৰ্বাচন কৰি পঠোৱা হয়?
উঃ 7 জন।
প্ৰঃ 2011 চনৰ লোক পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অনুসূচিত জনজাতিৰ লোক ?
উঃ 12.41 %
প্ৰঃ 2011 চনৰ লোক পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অনুসূচিত জাতিৰ লোক ?
উঃ 6.85 %
প্ৰঃ অসমত বছৰি কিমান ছেঃ মিঃ বৰষুণ হয়?
উঃ 178 ছেঃ মিঃ ৰ পৰা 305 ছেঃ মিঃ।
Assamese General Knowledge
প্ৰঃ বিশ্বৰ ভিতৰত সবৰ্ববৃহৎ নদী-দ্বীপ মাজুলীৰ মাটিকালিৰ পৰিমাণ কিমান?
উঃ প্ৰায় 886 বৰ্গ কিলোমিটাৰ।
প্ৰঃ অসমৰ হাবি-বননিয়ে কিমান বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে ?
উঃ 27,692 বৰ্গ কিলো মিটাৰ।
প্ৰঃ অসম সাগৰীয় সীমাৰেখাৰ পৰা কিমান মিটাৰ ওপৰত অৱস্থিত?
উঃ প্ৰায় 79.5 মিটাৰ।
প্ৰঃ অসমক কি নদীৰ দেশ বুলি কোৱা হয়?
উঃ ৰঙা নদীৰ দেশ।
প্ৰঃ অসমক কি পাহাৰৰ দেশ বুলি কোৱা হয়?
উঃ নীলা পাহাৰৰ দেশ।
প্ৰঃ অসমৰ দীৰ্ঘতম নদী দলং কোনখন?
উঃ ব্রহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত ‘কলিয়া ভোমৰা' দলংখন।
প্ৰঃ অসমৰ আটাইতকৈ সেমেকা অঞ্চল কোনটো?
উঃ লিডু-লেখাপানী।
প্ৰঃ অসমৰ কোনখন ঠাইত সমুদ্ৰৰ বালিচৰ পৰি হোৱা ‘লেখাপুখুৰী’ অৱস্থিত?
উঃ চান্দডুবি।
প্ৰঃ উত্তৰ কাছাৰ জিলাৰ ‘জাতিংগা’ কোনখন পাহাৰত অৱস্থিত?
উঃ বৰাইল পাহাৰত।
প্ৰঃ ব্রহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কিহে পৃথক কৰিছে?
উঃ বৰাইল পাহাৰে।
প্ৰঃ অসমত জহকালি হোৱা প্ৰৱল বতাহ-বৰষুণ তথা শিলাবৃষ্টিৰ স্থানীয় নাম কি?
উঃ বৰদৈচিলা।
প্ৰঃ অসমৰ প্ৰধান নদী ব্রহ্মপুত্ৰৰ মূল সুঁতিটো কি?
উঃ তমচুক খামবাব।
প্ৰঃ অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলা কোনখন?
উঃ নগাওঁ।
প্ৰঃ অসমত শীতকালত গড় তাপমাত্ৰা কিমান?
উঃ 5 ডিগ্রি ছেঃ ৰ পৰা 12 ডিগ্রী ছেঃ।
প্ৰঃ অসমত গ্ৰীষ্মকালত গড় তাপমাত্ৰা কিমান?
উঃ 30 ছেঃ ৰ পৰা 33 ছেঃ।
প্ৰঃ অসমৰ সর্বোচ্চ শৃঙ্গ কোনটো?
উঃ নাম্চা বুৰৱা।
প্ৰঃ বৰ্তমান অসমৰ ৰাজধানী ক’ত?
উঃ গুৱাহাটীৰ দিছপুৰত।
প্ৰঃ অসমত মুঠ কেইখন উন্নয়ন খণ্ড আছে?
উঃ 219 খন।
প্ৰঃ অসমৰ মুঠ গাওঁ পঞ্চায়ত কেইখন?
উঃ 2202 খন।
প্ৰঃ অসমত মুঠ গাওঁ ৰ সংখ্যা কেইখন?
উঃ 26,395 খন।
প্ৰঃ মহাভাৰতত অসমৰ প্ৰাচীন নাম কি আছিল বুলি কোৱা হৈছে?
উঃ প্ৰাগজ্যোতিষপুৰ।
প্ৰঃ 2011 চনৰ লোক পিয়ল অনুসৰি অসমত জনসংখ্যাৰ ঘনত্ব কিমান?
উঃ 397 জন প্ৰতিবৰ্গ কিলো মিটাৰত।
প্ৰঃ 2011 চনৰ লোক পিয়ল অনুসৰি অসমত প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা কিমান?
উঃ 954 জন।
প্ৰঃ 2001- 2011 চনৰ লোক পিয়ল অনুসৰি অসমত জনসংখ্যা বৃদ্ধিৰ হাৰ কিমান?
উঃ 16.93%
প্ৰঃ অসমৰ মুঠ জিলা কেইখন?
উঃ 32 খন।
প্ৰঃ অসমৰ মুঠ মহকুমা কেইখন?
উঃ 65 খন।
প্ৰঃ অসমত মুঠ কেইখন ৰাজহচক্ৰ আছে?
উঃ 184 খন।
প্ৰঃ 2011 চনৰ লোক পিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ কিমান?
উঃ 73.18 %
প্ৰঃ 2011 চনৰ লোক পিয়ল অনুসৰি অসমত শিক্ষিত মহিলাৰ হাৰ কিমান?
উঃ 67.27%
প্ৰঃ 2011 চনৰ লোক পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ চহৰত বাস কৰে ?
উঃ 14 %
Assam Geography General Knowledge - অসমৰ ভৌগোলিক তথ্য - সাধাৰণ জ্ঞান
প্ৰঃ 2011 চনৰ লোক পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ গাওঁ অঞ্চলত বাস কৰে ?
উঃ 86 %
প্ৰঃ ‘প্ৰাগজ্যোতিষপুৰ’ নামৰ অৰ্থ কি?
উঃ পূৱ দিশৰ জ্যোতিষ শাস্ত্ৰ চৰ্চাৰ নগৰ।
প্ৰঃ প্ৰাচীন অসমৰ কোনখিনি সময়ক ‘অন্ধকাৰ যুগ’ বুলি কোৱা হয়?
উঃ চতুৰ্থ শতিকা।
প্ৰঃ অসমৰ প্ৰাচীন নাম কি আছিল?
উঃ কামৰূপ।
প্ৰঃ ভৌগোলিক অৱস্থান অনুসৰি অসম কিমান ডিগ্ৰী অক্ষৰেখাৰ পৰা কিমান ডিগ্ৰী অক্ষৰেখালৈ বিস্তৃত?
উঃ 24 ডিগ্ৰি উত্তৰ অক্ষাংশৰ পৰা 28 ডিগ্ৰি উত্তৰ অক্ষাংশলৈ বিস্তৃত।
প্ৰঃ কেতিয়াৰ পৰা এই ৰাজ্যখনৰ নাম ‘অসম’ বুলি নামাকৰণ হোৱা আৰম্ভ হয়?
উঃ ত্ৰয়োদশ শতাব্দীৰ পৰা (আহোমসকলে অসমত ৰাজত্ব কৰিবলৈ লোৱাৰ পিছৰ পৰা)।
প্ৰঃ অসমত মুঠ ষ্টেটুটোৰী নগৰ কেইখন?
উঃ 88 খন।
প্ৰঃ অসমত মুঠ পিয়ল নগৰ কেইখন?
উঃ 126 খন।
প্ৰঃ অসমত মুঠ নগৰৰ সংখ্যা কেইখন?
উঃ 214 খন।
প্ৰঃ অসমত মুঠ পুলিচ থানা কেইখন?
উঃ 126 খন।
প্ৰঃ 2011 চনৰ লোক পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান?
উঃ 3,11,69,272 জন।
প্ৰঃ 2011 চনৰ লোক পিয়ল অনুসৰি অসমত মুঠ পুৰুষৰ সংখ্যা কিমান?
উঃ 1,59,54,927 জন।
প্ৰঃ 2011 চনৰ লোক পিয়ল অনুসৰি অসমত মুঠ মহিলাৰ সংখ্যা কিমান?
উঃ 1,52,14,345 জন।
Post a Comment
0 Comments