Type Here to Get Search Results !

100+ Assamese Literature GK - Quiz on Assamese Literature

Assamese Literature General Knowledge questions and answers Very important questions for all types of competitive exams. If you are preparing for competitive exams, like Assam police , TET , APSC , APDCL, PNRD etc. So these 150 Assamese literature gk questions and answers will help you a lot. I hope you enjoy reading this Assamese Literature GK answers and you can download Quiz on Assamese Literature pdf by going to the bottom.

Assamese Literature GK | অসমীয়া সাহিত্যৰ সাধাৰণ জ্ঞান

Assamese Literature GK | অসমীয়া সাহিত্যৰ সাধাৰণ জ্ঞান



Assamese Literature GK | অসমীয়া সাহিত্যৰ সাধাৰণ জ্ঞান


(১) বৰদৈচিলা কোনগৰাকী সাহিত্যিকৰ ছদ্মনাম?

উত্তৰঃ শিৱপ্রসাদ বৰুৱা।


(২) বেদনা বৰুৱা কোনগৰাকী সাহিত্যিকৰ ছদ্ম নাম?

উত্তৰঃ অমুল্য বৰুৱা।


(৩) 'খৰিকাজাই কবি'ৰূপে খ্যাত কবিগৰাকী কোন?

উত্তৰঃ ভবানন্দ ৰাজখােৱা।


(৪) 'ৰঙা জিঞাৰ কবি'ৰূপে খ্যাত কবিগৰাকী কোন?

উত্তৰঃ মহিম বৰা।


(৫) অসমৰ কোনগৰাকী কবিক অতীন্দ্রিয়বাদী কবি বুলি জনা যায়?

উত্তৰঃ নলিনীবালা দেৱী।


Also Read: 1500+ Assamese GK


(৬) 'সুগন্ধি পখিলা', 'মােৰ প্রিয় বর্ণমালা', ভালপােৱাৰ বােকামাটি' শীর্ষক গ্রন্থবােৰ কাৰ?

উত্তৰঃ হীৰেন ভট্টাচার্যৰ।


(৭),কানীয়াৰ কীর্তন', 'বাহিৰে বংচং ভিতৰে কোৱাভাতুৰী, 'আছামিজ মেৰেজ ছিষ্টেম' আদি গ্রন্থৰ ৰচক কোন?

উত্তৰঃ হেমচন্দ্র বৰুৱা।


(৮) অসমৰ কোনগৰাকী ব্যক্তিক সংগীতাচার্য ৰূপে জনা যায়?

উত্তৰঃ লক্ষ্মীৰাম বৰুৱা।


(৯) অসমৰ শােণিত কোঁৱৰ কোন?

উত্তৰঃ গজেন বৰুৱা।


(১০) অসমৰ লােকবন্ধু কোন?

উত্তৰঃ ডাঃ ভূবনেশ্বৰ বৰুৱা।


Assamese Literature General Knowledge


(১১) অসমৰ লােকপ্রাণ কোন?

উত্তৰঃ মতিৰাম বৰা।


(১২) অসমৰ লুইত কোৱৰ' কোন?

উত্তৰঃ ৰুদ্র বৰুৱা।


(১৩) অসমৰ লুইত কণ্ঠ ৰূপে জনাজাত শিল্পীজন কোন?

উত্তৰঃ জুবিন গার্গ।


(১৪) অসমৰ কোনগৰাকী ব্যক্তিক ৰূপালী কুঁৱৰী বুলি জনা যায়?

উত্তৰঃ আইদেউ সন্দিকৈ।


(১৫) অসমৰ বীৰবালাপে জনাজাত ব্যক্তিগৰাকী কোন?

উত্তৰঃ কনকলতা।


(১৬) অসমৰ কোনগৰাকী ব্যক্তিক বাগ্মীবৰ আৰু ককা বুলি জনা যায়?

উত্তৰঃ নীলমণি ফুকন


(১৭) 'নীলিম কুমাৰ' কোনগৰাকী সাহিত্যিকৰ ছদ্ম নাম?

উত্তৰঃ হেমেন কুমাৰ শর্মা।


(১৮) নীলা বাইদেউ' কোনগৰাকী সাহিত্যিকৰ ছদ্ম নাম?

উত্তৰঃ নির্মলপ্রভা বৰদলৈ।


(১৯) সৌৰশক্তি ভৰদ্বাজ কোনগৰাকী ব্যংগ সাহিত্যিকৰ ছদ্ম নাম?

উত্তৰঃ প্রমােদ ভট্টাচার্যৰ।


(২০) পশুপতি ভৰদ্বাজ' কোনগৰাকী সাহিত্যিকৰ ছদ্ম নাম?

উত্তৰঃ উমাকান্ত শর্মা।


Quiz on Assamese Literature


(২১) পীতাম্বৰ ৰাজমেধি' কোনগৰাকী সাহিত্যিকৰ ছন্ম নাম?

উত্তৰঃ ৰাজমােহন নাথ।


(২২) বাবুল কোনগৰাকী সাহিত্যিকৰ ছদ্ম নাম?

উত্তৰঃ ইমৰান শ্বাহ।


(২৩) বিষ্ণুপ্রিয়া ৰাভা ঠাকুৰীয়া কোনগৰাকী বিখ্যাত ব্যক্তিৰ ছদ্ম নাম?

উত্তৰঃ বিষ্ণুপ্রসাদ ৰাভাৰ।


(২৪) ড° বাণীকান্ত কাকতিৰ ছদ্ম নাম কি?

উত্তৰঃ ভবানন্দ পাঠক।


(২৫) 'ভানুনন্দন' কোনগৰাকী বিখ্যাত ব্যক্তিৰ ছদ্ম নাম?

উত্তৰঃ ড° সূর্য কুমাৰ ভূঞা।


(২৬) ভােলাইশর্মা' কোনগৰাকী সাহিত্যিকৰ ছদ্ম নাম?

উত্তৰঃ ৰজনীকান্ত বৰদলৈ।


(২৭) সুৰেন্দ্র নাথ মেধিৰ ছদ্ম নাম কি?

উত্তৰঃ সৌৰভ কুমাৰ চলিহা।


(২৮) অসম সাহিত্য সভাৰ বর্তমানৰ প্রতীকটো কিমান চনত গ্রহণ কৰা হয়?

উত্তৰঃ ১৯৬০ চনৰ ২৮ অক্টোবৰ।


(২৯) অসম সাহিত্য সভাৰ প্রতীক অংকন কৰা শিল্পীগৰাকী কোন?

উত্তৰঃ যুগল দাস।


(৩০) অসম সাহিত্য সভাৰ আৰম্ভণীতে কি নাম আছিল?

উত্তৰঃ সদৌ আসাম সাহিত্য সন্মিলনী।


(৩১) 'সদৌ আসাম সাহিত্য সন্মিলনী নামটো কেতিয়াৰপৰা অসম সাহিত্য সভা হয়?

উত্তৰঃ ১৯৪৪ চনত।


(৩২) অসম সাহিত্য সভাই কেতিয়া পঞ্জীয়নভুক্ত হয়?

উত্তৰঃ ১৯২৪ চনৰ ৫ মেত।


(৩৩) চিৰ চেনেহী মােৰ ভাষা জননী শীর্ষক গীতটি কাৰ ৰচনা?

উত্তৰঃ মিত্রদেৱ মহন্ত।


(৩৪) অসম সাহিত্য সভাৰ মুখপত্রখনৰ নাম কি?

উত্তৰঃ অসম সাহিত্য সভা পত্রিকা।


(৩৫) অসম সাহিত্য সভাৰ দ্বাৰা প্রকাশিত প্রথম গ্রন্থখন কি?

উত্তৰঃ শ্ৰীশ্ৰী দামােদৰ চৰিত্র।


(৩৬) অসম সাহিত্য সভাৰ সামৰণি গীত কোনটো?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ 'অ মােৰ আপােনাৰ দেশ।


(৩৭) আজিৰ মানুহ, 'এয়েতাে জীবন', 'ভাড়াঘৰ', মাটিকাৰ, 'নতুন পথ', 'নির্যাতিত সতী আদি গ্রন্থৰ প্রণেতা কোন?

উত্তৰঃ হিতেশ ডেকা।


(৩৮) অলকালৈ চিঠি', যৎকিঞ্চিত আদি গ্রন্থৰ স্ৰষ্টা কোন?

উত্তৰঃ হলিৰাম ডেকা।


(৩৯) কুলখুবাৰ চোতাল', আকৌ চীন চাই আহিলোঁ শীর্ষক গ্রন্থৰ ৰচক কোন?

উত্তৰঃ হেমাংগ বিশ্বাস।


(৪০) Red River and Blue Hill ৰ স্ৰষ্টা কোন?

উত্তৰঃ হেম বৰুৱা।


(৪১) পাপৰ পুখুৰী নামৰ শ্রেষ্ঠ গল্প পুথিৰ স্ৰষ্টা কোন?

উত্তৰঃ য়েছে দৰজে ঠংচি।


(৪২) অভিনয়াচার্য উপাধিৰে বিভূষিত ব্যক্তিগৰাকী কোন?

উত্তৰঃ ব্রজনাথ শর্মা।


(৪৩) কবিতা কোরৰপে জনাজাত কবিগৰাকী কোন?

উত্তৰঃ অম্বেশ্বৰ চেতিয়া ফুকন।


(৪৪) জীৱনী সম্রাটৰূপে খ্যাত জীৱনীকাৰগৰাকী কোন?

উত্তৰঃ সমীন কলিতা।


(৪৫) শৰ কটা মানুহ', বাহ ফুলৰ গােন্ধ', 'বিষ কন্যাৰ দেশত', 'চনম' আদি গ্রন্থৰ ৰচক কোন?

উত্তৰঃ যেছে দৰজে ঠংচি।


(৪৬) কামেং সীমান্তৰ সাধু' শীর্ষক গ্রন্থখনৰ ৰচক কোন?

উত্তৰঃ য়েছে দৰজে ঠংচি।


(৪৭) মােৰ হৃদয় এখন যুদ্ধক্ষেত্র' গ্রন্থৰ ৰচক কোন?

উত্তৰঃ হােমেন বৰগােহাঞি।


(৪৮) মমতাৰ চিঠি শীর্ষক প্রসিদ্ধ আৰু জনপ্রিয় কবিতাটি কাৰ।

উত্তৰঃ হেম বৰুৱাৰ।


(৪৯) 'মেকং নৈ দেখিলাঁ শীর্ষক গ্রন্থখন কাৰ?

উত্তৰঃ হেম বৰুৱা।


(৫০) 'সাগৰ দেখিছা' কবিতাপুথিৰ কবি কান?

উত্তৰঃ হেম বৰুৱা।


Assamese Literature GK - Assamese Literature General Knowledge


(৫১) হেমকোষ' অভিধানৰ প্রণেতা কোন?

উত্তৰঃ হেমচন্দ্র বৰুৱা।


(৫২) প্রিয়তমালৈ চিঠি' শার্ষক প্রথম অসমীয়া ছনেট কবিতাটিৰ ৰচক কোন?

উত্তৰঃ হেমচন্দ্র গােস্বামী।


(৫৩) প্রথম অসমীয়া ছনেট ৰচোঁতা কোন?

উত্তৰঃ হেমচন্দ্র গােস্বামী।


(৫৪) সৌৰভ কুমাৰ চলিহাৰ প্রকৃত নাম কি?

উত্তৰঃ সুৰেন্দ্র নাথ মেধি।


(৫৫) সৌৰভ কুমাৰ চলিহাই কোনখন পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে?

উত্তৰঃ গােলাম' গ্রন্থৰ বাবে (১৯৭৪)।


(৫৬) সৌৰভ কুমাৰ চলিহাই ১৯৯৫ চনত কি বঁটা লাভ কৰে?

উত্তৰঃ অসম উপত্যকা সাহিত্য বঁটা।


(৫৭) কোনজন অসমীয়া সাহিত্যিকে কীর্তন পুথিখন (সাঁচিপাতৰপৰা) প্রথমে ছপা কৰি উলিয়ায়?

উত্তৰঃ হৰিবিলাস আগৰ্ৱালাই।


(৫৮) স্নেহদেৱীয়ে কোনখন গ্রন্থৰ বাবে মৰণােত্তৰভাৱে সাহিত্য অকাডেমী বঁটা লাভ কৰে?

উত্তৰঃ 'স্নেহদেৱীৰ একুৰি গল্প।


(৫৯) হৰেকৃষ্ণ ডেকাৰ কোনটো গল্পই সর্বভাৰতীয় কথা বঁটা লাভ কৰে?

উত্তৰঃ বন্দীয়াৰ (১৯৯৫)।


(৬০) ড° হীৰেন গােহাঁই কোন বিশ্ববিদ্যালয়ৰপৰা পি এইচ ডি ডিগ্রী লাভ কৰে?

উত্তৰঃ কেমব্রিজ বিশ্ববিদ্যালয়।


(৬১) ড° হীৰেন গােহাই কোনখন গ্রন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে?

উত্তৰঃ অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰস্পৰা (১৯৮৯)।


(৬২) কবি হীৰেন ভট্টাচার্যই কোনখন গ্রন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে?

উত্তৰঃ শইচৰ পথাৰ মানুহ (১৯৯২)।


(৬৩) অসমৰ কোনগৰাকী কবিক বিদ্রোহী কবি বুলি জনা যায়?

উত্তৰঃ প্রসন্ন লাল চৌধুৰী।


(৬৪) অসমৰ 'বাউলী কবি'ৰূপে খ্যাত কবিগৰাকী কোন?

উত্তৰঃ কমলানন্দ ভট্টাচার্য।


(৬৫) অসমৰ কোনগৰাকী কবিক 'প্রেম আৰু ৰদালিৰ কবি'ৰূপে জনা যায়?

উত্তৰঃ হীৰেন ভট্টাচার্য।


(৬৬) অসমৰ বন কোৱৰ কোন?

উত্তৰঃ আনন্দৰাম দাস।


(৬৭) অসমৰ কোনগৰাকী সাহিত্যিকক 'স্বামী অভঙানন্দ বুলি জনা যায়?

উত্তৰঃ চৈয়দ আব্দুল মালিক।


(৬৮) অসমৰ কোনগৰাকী সাহিত্যিকক 'অঘৰী বুলি জনা যায়?

উত্তৰঃ প্রমােদ কুমাৰ বৰদলৈ।


(৬৯) কবি অনুভৱ তুলসীৰ আচল নাম কি?

উত্তৰঃ ডিম্বেশ্বৰ শইকীয়া।


(৭০) সুনীল বৰকটকীৰ ছদ্ম নাম কি?

উত্তৰঃ অনিৰুদ্ধ কটকী।


Assamese Literature General Knowledge - Quiz on Assamese Literature


(৭১) জ্ঞান পূজাৰীৰ ছদ্ন নাম কি?

উত্তৰঃ অজয় দলে।


(৭২) অমল দত্তৰ ছদ্ন নাম কি?

উত্তৰঃ অচিন মােমাইদেউ।


(৭৩) 'অষ্টবক্র' কোনগৰাকী সাহিত্যিকৰ ছদ্ম নাম?

উত্তৰঃ কমলাকান্ত ভট্টাচার্য।


(৭৪) কোনখন গ্রন্থৰ বাবে বীৰেন্দ্র নাথ দত্তই সাহিত্য অকাডেমী বঁটা লাভ কৰে?

উত্তৰঃ মানুহ অনুকূলে (২০০৪ চনত) ।


(৭৫) কোনজন অসমীয়া সাহিত্যিকে লণ্ডন বিশ্ববিদ্যালয়ৰপৰা ১৯৫১ চনত ডি লিট উপাধি লাভ কৰে?

উত্তৰঃ সূর্যকুমাৰ ভূঞা।


(৭৬) ৰীতা চৌধুৰীয়ে কোনখন উপন্যাসৰ বাবে সাহিত্যৰ অকাডেমী আৰু অসম সাহিত্য সভাৰ কলাগুৰু বিষ্ণু প্রসাদ ৰাভা বঁটা লাভ কৰে?

উত্তৰঃ দেও লাংখুই উপন্যাসৰ বাবে ২০০৮ আৰু ২০০৬ চনত।


(৭৮) অসমৰ 'সিংহপুৰুষ'কপে খ্যাত ব্যক্তিগৰাকী কোন?

উত্তৰঃ সাংবাদিক আৰু ক্রীড়া সংগঠক ৰাধা গােবিন্দ বৰুৱা।


(৭৯) অসমীয়া সাহিত্যত ৰংমন নামেৰে খ্যাত সাহিত্যিকগৰাকী কোন?

উত্তৰঃ ৰবীন দে।


(৮০) দস্যু ভাস্কৰ ছিৰিজৰ লেখক কোন?

উত্তৰঃ ৰবীন দে।


(৮১) ৰবীন্দ্র সৰকাৰে কি গ্রন্থৰ বাবে ২০১৩ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে?

উত্তৰঃ কাব্যগ্রন্থ 'ধূলিয়ৰি ভৰিৰ সাঁচ'ৰ বাবে।


(৮২) ৰমা দাশৰ শ্রেষ্ঠ গল্পটোৰ নাম কি?

উত্তৰঃ অচল টকা।


(৮৩) ৰংবং তেৰাঙৰ প্রথম উপন্যাসখনৰ নাম কি?

উত্তৰঃ 'ৰংমিলিৰ হাঁহি (১৯৮১)।


(৮৪) বধকাব্যৰ ৰচক কোন?

উত্তৰঃ ৰাম সৰস্বতী।


(৮৫) ৰাম সৰস্বতী কোনজন ৰজাৰ সভাসদ আছিল?

উত্তৰঃ কোচ নৃপতি নৰনাৰায়ণৰ।


(৮৬) 'কুলাচল বধ', 'বকাসুৰ বধ' আদি সাহিত্যৰ ৰচক কোন?

উত্তৰঃ ৰাম সৰস্বতী।


(৮৭) ওমৰ তীর্থ, 'কথা কবিতা, আপােন সুৰ, বনফুল', 'মিলন সুৰ আদি কবিতা পুথিৰ ৰচক কোন?

উত্তৰঃ যতীন্দ্র নাথ দুৱৰা।


(৯০) ডাৱৰ আৰু নাই, এনাজৰী আদি গ্রন্থৰ স্ৰষ্টা কোন?

উত্তৰঃ যােগেশ দাস।


(৯১) 'বিহগী কবি'ৰূপে খ্যাত কবিগৰাকী কোন?

উত্তৰঃ ৰঘুনাথ চৌধাৰী।


(৯২) 'মনােমতী, 'মিৰি জীয়ৰী', 'ৰঙ্গিলী', 'ৰহদৈ লিগিৰী আদি উপন্যাসৰ ৰচক কোন?

উত্তৰঃ ৰজনীকান্ত বৰদলৈ।


(৯৩)'শেৱালী'ৰ কবিৰূপে খ্যাত কবিগৰাকী কোন?

উত্তৰঃ ৰত্নকান্ত বৰকাকতী।


(৯৪) কেতিয়া যাদৱ পায়েঙে 'ভাৰতৰ অৰণ্য মানৱ'

সন্মান লাভ কৰে?

উত্তৰঃ ২০১২ চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে প্রদান কৰে।


(৯৫) যােগেশ দাসে কোনখন গ্রন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে?

উত্তৰঃ পৃথিৱীৰ অসুখ (১৯৮০)।


(৯৬) অসমীয়া সাহিত্যত 'উপন্যাস সম্রাটৰূপে খ্যাত সাহিত্যিকগৰাকী কোন?

উত্তৰঃ ৰজনীকান্ত বৰদলৈ।


(৯৭) গণশিল্পী ৰূপে খ্যাত শিল্পীগৰাকী কোন?

উত্তৰঃ বিক্রম সিং য়েইন।


(৯৮) গীতিকবিকপে খ্যাত গীতিকাৰগৰাকী কোন?

উত্তৰঃ পার্বতিপ্রসাদ বৰুৱা।


(৯৯) চাৰু দত্ত ছদ্ম নামেৰে কোনগৰাকী সাহিত্যিকে সাহিত্য চর্চা কৰিছিল?

উত্তৰঃ দীনেশ চন্দ্র গােস্বামী।


(১০০) হলীৰাম ডেকাৰ ছদ্ম নাম কি?

উত্তৰঃ চিত্রসেন যখৰীয়া।


Assamese Literature GK - Assamese Literature General Knowledge - Quiz on Assamese Literature


(১০১) দদাই কোনগৰাকী সাহিত্যিকৰ ছদ্ম নাম?

উত্তৰঃ কীর্তিনাথ হাজৰিকা।


(১০২) 'দেৱজিৎ গােস্বামী কোনগৰাকী সাহিত্যিকৰ ছদ্ম নাম?

উত্তৰঃ কেশৱানন্দ দেৱ গােস্বামী।


(১০৩) দেৱেশ্বৰ শর্মাৰ ছদ্ম নাম কি?

উত্তৰঃ দেশ।


(১০৪) মহিম বৰাৰ ছদ্ন নাম কি?

উত্তৰঃ ধনবৰ কাই।


(১০৫) নতুন কৃপাবৰ' কোনগৰাকী সাহিতি্যিকৰ ছদ্ম নাম?

উত্তৰঃ ৰত্নকান্ত বৰকাকতী।


(১০৬) ভবানন্দ দত্তৰ ছদ্ম নাম কি?

উত্তৰঃ নাচিকেতা।


(১০৭) নিৰঞ্জন ফুকন কোনগৰাকী সাহিত্যিকৰ ছদ্ম নাম?

উত্তৰঃ ড° হীৰেন গােহাঁই।


(১০৮) নির্মলা দেৱী কোনগৰাকী সাহিত্যিকৰ ছদ্ম নাম?

উত্তৰঃ তীর্থনাথ শর্মা।


(১০৯) অসমৰ কোনগৰাকী ব্যক্তিক 'জগত গুৰু' বুলি জনা যায়?

উত্তৰঃ শ্রীমন্ত শংকৰদেৱ।


(১১০) অসমৰ কোনগৰাকী ব্যক্তিক 'জননায়ক'ৰূপে জনাজাত?

উত্তৰঃ দেৱেশ্বৰ শর্মা।


Assamese Literature GK


(১১১) অসমৰ ত্যাগবীৰ কোন?

উত্তৰঃ হেমচন্দ্র বৰুৱা।


(১১২) অসমৰ দেশপ্রাণ কোন?

উত্তৰঃ লক্ষ্মীধৰ শৰ্মা।


(১১৩) অসমৰ 'নটসূর্য বুলি জনাজাত ব্যক্তিগৰাকী কোন?

উত্তৰঃ ফণী শৰ্মা।


(১১৪) অসমৰ কোনগৰাকী ব্যক্তিক নাট্য প্রভাকৰৰূপে জনা যায়?

উত্তৰঃ সত্যপ্রসাদ বৰুৱা।


(১১৫) কোনগৰাকী ব্যক্তিক অসমত 'প্রতিমাৰ খনিকৰ ৰূপে জনা যায়?

উত্তৰঃ চন্দ্রকুমাৰ আগৰৱালাক।


(১১৬) অসমৰ কোনগৰাকী ব্যক্তিক সাহিত্য ৰত্ন'ৰূপে জনা যায় ?

উত্তৰঃ চন্দ্রধৰ বৰুৱা।


(১১৭) জোনাকী যুগৰ এগৰাকী সাহিত্যিকৰ উদাহৰণ দিয়া।

উত্তৰঃ লম্বােদৰ বৰা।


(১১৮) ৰীতা চৌধুৰীয়ে কিমান চনত নেচনেল বুক ট্রাষ্টৰ সঞ্চালকৰূপে নিযুক্তি লাভ কৰে?

উত্তৰঃ ২০১৫ চনত।


(১১৯) শ্রীমস্ত শংকৰদেবে ৰচনা কৰা অংকীয়া নাট কেইখন কি কি?

উত্তৰঃ পত্নী প্রসাদ, কালিয় দমন, কেলি গােপাল, ক্সিণী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয়।


(১২০) শীলভদ্রই কোনখন গ্রন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে?

উত্তৰঃ মধুপুৰ বহুদূৰ (১৯৯৪)।


(১২১) নিজৰা কবিৰূপে খ্যাত অসমৰ কবিগৰাকী কোন?

উত্তৰঃ শৈলধৰ ৰাজখােৱা।


(১২২) 'অসমীয়া সাহিত্যৰ বেকন' বুলি খ্যাত অসমৰ সাহিত্যিকগৰাকী কোন?

উত্তৰঃ সত্যনাথ বৰা।


(১২৩) বহল ব্যাকৰণ নামৰ ব্যাকৰণখনৰ ৰচক কোন?

উত্তৰঃ সত্যনাথ বৰা।


(১২৪) সত্যেন্দ্র নাথ শর্মাই কোন চনত 'সাহিত্যাচার্য উপাধি লাভ কৰে?

উত্তৰঃ ১৯৮৯ চনত।


(১২৫) সত্যেন্দ্র নাথ শর্মাই কিমান চনত সদস্য মহীয়ান সন্মান লাভ কৰে?

উত্তৰঃ ১৯৯৫ চনত।


(১২৬) কবি সনস্ত তাঁতিয়ে কোনখন গ্রন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে?

উত্তৰঃ 'কাইলৈ দিনটো আমাৰ হব নামৰ কাব্য গ্রন্থৰ

বাবে (২০১৮ চনত)।


(১২৭) সীতানাথ ব্রহ্মচৌধুৰীৰ দ্বাৰা ৰচিত গ্রন্থকেইখন কি কি?

উত্তৰঃ 'কদমকলি', 'আৱেগৰ চকুলো, 'ফুলেশ্বৰী দৈমাৰী।


(১২৮) কোনখন গ্রন্থৰ বাবে য়েছে দৰজে ঠংচি সাহিত্য অকাডেমী বঁটা লাভ কৰে?

উত্তৰঃ মৌন ওঁঠ মুখৰ হৃদয় (২০০৫)।


(১২৯) ৰসৰাজ আৰু সাহিত্যৰর্থী উপাধি লাভ কৰা অসমৰ সাহিত্যিকগৰাকী কোন?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা।


(১৩০) কোনখন সাহিত্য সভাত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্রদান কৰা হয়?

উত্তৰঃ ১৯৩১ চনৰ শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাত।


Quiz on Assamese Literature


(১৩১) লক্ষ্মীনাথ বেজবৰুৱাক কোনগৰাকী ব্যক্তিয়ে ৰসৰাজ' উপাধি প্রদান কৰে?

উত্তৰঃ অসম সাহিত্য সভাৰ শিৱসাগৰ অধিবেশনত সভাপতি নগেন্দ্র নাৰায়ণ চৌধুৰীয়ে।


(১৩২) কোনখন উপন্যাসৰ বাবে লক্ষ্মীনন্দন বৰাই 'সৰস্বতী সম্মান' লাভ কৰে?

উত্তৰঃ কায়কল্প উপন্যাসৰ বাবে ২০০৮ চনত।


(১৩৩) কোনখন উপন্যাসৰ বাবে সাহিত্যিক লক্ষ্মীন্দন বৰাই সাহিত্য অকাডেমী বঁটা লাভ কৰে?

উত্তৰঃ পাতাল ভৈৰবী (১৯৮৮)।


(১৩৪) লক্ষ্মীনন্দন বৰাই অসম সাহিত্য সভাৰ সভাপতি হােৱা বর্ষটো কি?

উত্তৰঃ ১৯৯৬ চন।


(১৩৫) লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্র কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ কদমকলি।


(১৩৬) বৃকোদৰ বৰুৱাৰ বিয়া গ্রন্থখন বচনা কাৰ?

উত্তৰঃ লীলা গগৈ।


(১৩৭) শীলভদ্রৰ প্রকৃত নাম কি?

উত্তৰঃ ৰেৱতী মােহন দত্ত চৌধুৰী।


(১৩৮) শ্রীমন্ত শংকৰদেৱৰ ভক্তিতত্ত্বমূলক গ্রন্থ দুখন কি কি?

উত্তৰঃ ভক্তি ৰত্নাকৰ, ভক্তি প্রদীপ।


(১৩৯) অস্বীকৃত কোনগৰাকী ব্যক্তিৰ ছদ্ম নাম?

উত্তৰঃ জগদীশ ফুকন।


(১৪০) অসম' আৰু 'চিত্র দাস' কোনজন সাহিত্যিকৰ ছদ্ম নাম?

উত্তৰঃ অতুল চন্দ্র হাজৰিকা।


অসমীয়া সাহিত্যৰ সাধাৰণ জ্ঞান | Assamese Literature GK


(১৪১) সাহিত্যিক ইমৰান শ্বাহৰ ছদ্ন নাম কি কি?

উত্তৰঃ ঈশান দত্ত আৰু কুম্ভকর্ণ।


(১৪২) 'এণ্ডি খুড়া' কোনজন সাহিত্যিকৰ ছন্ন নাম?

উত্তৰঃ ডাঃ নগেন দত্ত।


(১৪৩) 'এখুদ ককাইদেউ', 'সীমা দত্ত', 'ন-আইতা' আদি কোনজন সাহিত্যিকৰ ছদ্ম নাম?

উত্তৰঃ নৱকান্ত বৰুৱা।


(১৪৪) কুমাৰ মধুসূদন কোনগৰাকী সাহিত্যিকৰ ছদ্ম নাম?

উত্তৰঃ মহেশ চন্দ্র গােস্বামীৰ।


(১৪৫) কৃপাবৰ বৰবৰুৱাৰ কোনগৰাকী সাহিত্যিকৰ ছদ্ম নাম?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা।


(১৪৬) বিনন্দ চন্দ্র বৰুৱাৰ ছদ্ম নাম কি?

উত্তৰঃ কেৰপাই শর্মা।


(১৪৭) গুণাভিৰাম বৰুৱাৰ ছদ্ম নাম কি?

উত্তৰঃ গুৰু দত্ত।


(১৪৮) গণপতি আৰু মধুকৰ কোনগৰাকী সাহিত্যিকৰ ছদ্ম নাম?

উত্তৰঃ গৌৰীকান্ত তালুকদাৰৰ।


(১৪৯) সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমখন অসমীয়া উপন্যাস কোনখন?

উত্তৰ: ঈয়াৰুইঙ্গম


(১৫০) “কথনী বাৰীৰ ঘাট”, গল্প সংকলন ৰচনা কৰিছিল-

উত্তৰ: মহিম বৰাই

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad


  विद्यां ददाति विनयं विनयाद् याति पात्रताम्। पात्रत्वात् धनमाप्नोति धनात् धर्मं ततः सुखम्।।  

Below Post Ad

Ads Section